বোকাজানৰ খটখটীত পুনৰ চল্লিশ লক্ষাধিক টকাৰ হেৰই’ন জব্দ

WhatsApp Image 2020 09 13 at 8.12.39 PM

অসম-নগালেণ্ড সীমান্তৰ খটখটী আৰু ডিলাই থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত কিছুদিন ধৰি উপৰ্যুপৰি সন্দেহজনক ব্ৰাউন চুগাৰ আৰু হেৰই’ন জব্দ কৰি কাৰ্বি আংলং আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰি আহিছে ৷

আজিও বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসসহ বৰপথাৰ আৰক্ষী চক্ৰ বিষয়া ভূপেন কলিতা আৰু খটখটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্মই চলোৱা এক অভিযানত পুনৰ ৪৭ টা চাবোনৰ বাকছত ৬০০ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰে ৷ যাৰ আনুমানিক মূল্য ৪০ লাখ টকা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে খটখটী ডিমাপুৰ সংযোগী পথৰ কালিৰাম বস্তিত স্থাপন কৰা তাৎক্ষণিক তালাচীত ডিমাপুৰ দিশৰ পৰা আহি থকা AS02BC3754 নম্বৰৰ এখন টাটা ডিআই গাড়ীখনৰ তালাচী চলাওঁতে উক্ত বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে উক্ত ড্ৰাগছৰ লগতে আটক কৰে তিনি সৰবৰাহকাৰীক ৷

আটকাধীন কেইজন হ’ল ক্ৰমে মৈৰাবাৰীৰ আমজাদ আলী, ধিংৰ মোজামিল আলি আৰু নুনমাটিৰ মনোৰোদ্দিন৷ আৰক্ষীয়ে উক্ত সৰবৰাহ কাৰ্যত ব্যৱহৃত NL07R4988 নম্বৰৰ এখন বাইকো জব্দ কৰে ৷

উল্লেখযোগ্য যে ধৃত তিনিজনৰ এজনে বাইকেৰে আৰক্ষীৰ চালচলন পৰ্যবেক্ষণ কৰিছিল যদিও সাধাৰণ পোছাকত থকা আৰক্ষীৰ অৱস্থিতি নিশ্চিত কৰিব নোৱাৰি জালত পৰে ৷ সম্প্ৰতি আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version