সোমবাৰৰ পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন

924803 parliament

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । এইবাৰ সংসদত কোনেও কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰশ্নৰ উত্থাপন । লগতে সংসদত অনুষ্ঠিত নহ’ব কোনো সৰ্বদলীয় বৈঠক । এই কথা ঘোষণা কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । এই সিদ্ধান্তত অসন্তুষ্ট প্ৰকাশ কৰে বিপক্ষ দলে ।কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এইবাৰ সংসদৰ অধিৱেশন পিছুৱাই দিয়া হয় ।

এই অধিৱেশন ১৪ ছেপ্টেম্বৰত আৰম্ভ হৈ ১ অক্টোবৰত অন্ত পৰিব। কৰ’না ভাইৰাছৰ বাবে এইবাৰ সংসদত নানা ধৰণৰ সতৰ্কতা অৱলম্বন কৰা হৈছে। পূৰ্বে সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সৰ্বদলীয় বৈঠক আৰম্ভ হয় । এই বৈঠকত দেশৰ বিভিন্ন স্থিতিক লৈ বিপক্ষ দল সমূহে সংসদত বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰে । কিন্তু এইবাৰ সংসদত নহ’ব কোনো সৰ্বদলীয় বৈঠক লগতে দেশৰ কোনো স্থিতিক লৈ কোনো দলে প্ৰশ্নৰ উত্থাপন কৰিব নোৱাৰিব ।

উল্লেখ্য যে ২০১৭ বৰ্ষটো মোডী চৰকাৰে ডোকলামৰ ওপৰত চৰ্চাৰ বিষয়টো অস্বীকাৰ কৰাত উত্তপ্ত হৈ উঠিছিল সদন । এইবাৰ সদনত ভাৰত-চীন বিবাদ, কৰ’না ভাইৰাছৰ সন্দৰ্ভত কেন্দ্ৰৰ পদক্ষেপৰ ওপৰত বিৰোধী দলৰ প্ৰশ্ন উত্থাপন হলহেঁতেন বুলিও অনুমান কৰা হৈছে।

Exit mobile version