খুমটাইৰ আধাৰসত্ৰত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ

IMG 20200914 WA0018

খুমটাই অঞ্চলৰ আধাৰসত্ৰ টাপু চাপৰিত বনবিভাগৰ তৎপৰতাত সোমবাৰে এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ৷ যোৱা কিছুদিন ধৰি সমগ্ৰ আধাৰসত্ৰ এলেকাটিত নাহৰফুটুকীটোৱে কৃষকৰ ৩৫ টাৰো অধিক পশুধন ভক্ষণ কৰি আতংকৰ সৃষ্টি কৰি আহিছিল ৷

স্থানীয় লোকে বাঘটো পিঞ্জৰাবদ্ধ কৰিবৰ বাবে জনোৱা আবেদনৰ ভিত্তিত আজি গোলাঘাট বন বিভাগে পিঞ্জৰা পাতি নাহৰফুটুকীটো আৱদ্ধ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো প্ৰাথমিক চিকিৎসাৰ অন্তত বনাঞ্চলত মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰে ৷ নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত স্থানীয় লোকে স্বস্তিৰ নিশ্বাস পেলোৱাৰ লগতে আৰু কে’বাটাও বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰে ৷

Exit mobile version