তিতাবৰ সীমান্তৰ বহুলোক জ্বৰ কাঁহত আক্ৰান্ত : উদ্বিগ্ন ৰাইজ

autoInflam 626999086 650x450 1

যোৰহাট জিলাত কৰ’না মহামাৰীয়ে দৈনিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বৰহোলা, নগাবাট, বেকাজান, গড়াজান, কলাপানী, ৰজাবাৰী, বালিজান, ৰাইডাংজুৰি, ঔৰংগিয়াল, পানীখেতি আদিত বিগত এসপ্তাহ ধৰি বহুলোক জ্বৰ আৰু কাঁহত আক্ৰান্ত হোৱাত সৰ্বসাধাৰণ ৰাইজ আতংকিত হৈ পৰিছে ।

উল্লেখযোগ্য যে, সীমান্ত অঞ্চলসমূহৰ কে’বাজনো লোক বৰ্তমান ক’ভিড-১৯ত আক্ৰান্ত হৈ যোৰহাটৰ চিকিৎসা কেন্দ্ৰত চিকিৎসাধীন হৈ আছে। ইফালে গাঁওসমূহত এতিয়া প্ৰতিদিনে ইজনৰ পিছত সিজন জ্বৰ আৰু কাঁহত আক্ৰান্ত হোৱাৰ খবৰ আহিছে । জ্বৰত আক্ৰান্ত লোকসকলে চিকিৎসালয়লৈ যোৱাৰ পৰিৰ্ৱতে ঘৰতে চিকিৎসা গ্ৰহণ কৰি আছে ।

প্ৰাপ্ত তথ্য মতে, বালিজান আৰু ক’লাপানীৰ কেইজনমান লোকৰ আকস্মিকভাৱে অসুখ হৈ মৃত্যু হৈছে। ক’ভিড-১৯ ত আক্ৰান্ত হৈ থকা নগাবাটৰ এজন ব্যক্তি যোৱা নিশা যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হয় । উল্লেখযোগ্য যে তলাবন্ধ প্ৰত্যাহাৰ কৰাৰ বাবে বৰহোলা আৰু নগাবাটৰ দোকান-বজাৰত ৰাইজৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে ।

তদুপৰি একাংশ লোকে ক’ভিডৰ নীতি-নিয়ম উলংঘা কৰি মুখত মাস্ক নিপিন্ধাকৈ আৰক্ষী সন্মুখতে ঘূৰি-ফুৰা পৰিলক্ষিত হৈছে। অঞ্চলসমূহৰ সচেতন ৰাইজে শীঘ্ৰে জ্বৰ আৰু কাঁহত আক্ৰান্ত লোককসকলক ক’ভিড পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগক আহবান জনাইছে । যদি এই ভাইৰেল জ্বৰ প্ৰকৃততে কৰ’না বুলি স্বাৱ পৰীক্ষাত ধৰা পৰে তেনেহ’লে বৃহত্তৰ এলেকাটোৰ ৰাইজৰ বাবে ভয়ংকৰ বিষয় হ’ব । ৰাইজে যোৰহাট জিলাৰ স্বাস্থ্য বিভাগক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনাইছে।

Exit mobile version