“দূৰ্গম অঞ্চলত আঁচনি ৰূপায়নেৰে ৰাইজৰ সমস্যা দূৰ কৰিছে বিজেপি চৰকাৰে”- মঙ্গলছিং তিমুং

WhatsApp Image 2020 09 14 at 4.40.16 PM

“দূৰ্গম অঞ্চলত আঁচনি ৰূপায়নেৰে ৰাইজৰ সমস্যা দূৰ কৰিছে বিজেপি চৰকাৰে”, এনেদৰে উল্লেখ কৰি পশ্চিম কাৰ্বি আংলং জিলা তথা কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেণ সমষ্টিৰ অন্তৰ্গত ফংজাংৰে অঞ্চলত কে’বাটাও প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে ।

একে সময়তে সমষ্টিটোৰ অন্তৰ্গত তিনিটাকৈ স্থানত বিজেপিৰ শক্তি কেন্দ্ৰ সভা অনুষ্ঠিত কৰি সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি নেতা-কৰ্মী আৰু হামৰেণ পৰিষদীয় সমষ্টিবাসীক সাজু হ’বলৈ আহ্বান জনায় তিমুঙে।

লগতে বিৰোধী পক্ষক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা ৰাইজে যিবোৰ সমস্যাৰ সন্মুখীন হৈ আহিছিল অথবা অভাৱ অনুভৱ কৰি আহিছিল সেই সমস্যা-অভাৱ বিজেপি চৰকাৰে দূৰ কৰিছে অৰ্থাৎ ৰাইজৰ সপোন আজি বিজেপি চৰকাৰে বাস্তৱ ৰূপ দিছে বুলি মন্তব্য কৰে মঙ্গলছিং তিমুঙে ।

উল্লেখযোগ্য যে, অনুষ্ঠিত সভাত কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ লগতে উক্ত সমষ্টিৰ ক্ৰমে বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ’, গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেন তিচ্ছ, বিজেপি নেতা ক্ৰমে বাছা টেৰণ, আৰচঙ ৰংহাং আৰু ভালে সংখ্যক বিজেপি নেতাকৰ্মী উপস্থিত থাকে ।

গুৰুত্বপূৰ্ণ যে, জেংখা, আৰচঙ আৰু হামৰেণ চহৰত অনুষ্ঠিত কৰা বিজেপিৰ শক্তি কেন্দ্ৰ সভাৰ যোগেদি যোগ্য হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৰোগ্য যোজনা আঁচনিৰ আয়ুষ্মান ভাৰত কাৰ্ড আৰু জবকাৰ্ড বিতৰণ কৰে। আনহাতে একে সময়তে অর্ধশতাধিক পৰিয়ালে আজি কংগ্ৰেছ-এ এছ ডি চি দল ত্যাগ কৰি অনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাও পৰিলক্ষিত হয় ।

Exit mobile version