ভেৰগাঁৱত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ

Hagrama Mohilary 1

ওদালগুৰি জিলাৰ ভেৰগাৱঁৰ বদোৰা আৰু শুক্লাইত আজি বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰি কয় যে, এইবাৰ বিটিচি নিৰ্বাচনত বিপিএফে অভিলেখ সংখ্যক আসনত জয়ী হ’ব। তেঁও লগতে কয় যে, বিপিএফে ৩৭ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে আৰু আসনতেই জয়ী হ’ব ।

ইউপিপিএল বা আন দলে কেতিয়াও বিটিচিত চৰকাৰ গঠন কৰিব নোৱাৰে । চতুৰ্থ বাৰৰ বাবে বিটিচিত বিপিএফেই চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত । এবছুৰ পৰা ফালৰি কাটি আহি প্ৰমোদ বড়োই ইউ পি পি এলৰ সভাপতিৰ পদ ল’লেও তেঁও যে বড়ো জাতিক ঠগি আছে সেই কথা বড়ো ৰাইজে বুজিবলৈ বাকী নাই । মহিলাৰীয়ে কয়, প্ৰমোদ বড়োই চুক্তি কৰা বিটিআৰ চুক্তি খন হৈছে এখন শূণ্যময় চুক্তি ।

এই চুক্তিয়ে বড়ো জাতিক ধ্বংস কৰিব সেয়া নিশ্চিত হৈছে । সেই চুক্তিত বড়ো জাতিৰ বাদে অন্য কোনো জাতি জনজাতিৰ কথা উল্লেখ নাই । এই চুক্তিয়ে বিটিচিত বসবাস কৰি থকা অন্যান্য জাতি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ ধ্বংস কৰিছে । এই চুক্তি মতে বিটিচিত বসবাস কৰা আন জাতি জনগোষ্ঠীক উচ্ছেদ কৰা হ’ব কিন্তু বিপিএফে ভূমি পট্টা বিতৰণ কৰাৰ ওপৰিও মাটি কিনা-বেচাৰ আসোঁৱাহ সমূহ দূৰ কৰা ব্যৱস্থা গ্ৰহণ কৰিছে ।

তেওঁ আন এক প্ৰসংগত কয় যে ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়ো হৈছে এজন চতুৰ বেপাৰী, কিয়নো ইমান দিনে পৃথক বড়ো ৰাজ্যৰ দাবী কৰি আহি ৰাজনৈতিক লাভালাভৰ বাবে বিটিআৰ চুক্তিত স্বাক্ষৰ কৰি বড়ো জাতিৰ লগত বিশ্বাসঘাতক কৰাই নহয় বড়ো জাতিটোক ধ্বংস কৰিলে । বিটিচি নিৰ্বাচনত ইউ পি পি এলৰ সংখ্যা হ’ব শূণ্য, এজিপিৰ এখন আৰু বিজেপিৰ দুখন আসন মাত্ৰ লাভ কৰিব বুলি কয় মহিলাৰীয়ে ।

উক্ত সভাত পানেৰী বিধান সভাৰ বিধায়িকা কমলী বসুমাতাৰী, কলাই গাওঁ বিধান সভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো আৰু প্ৰাক্তন ই এম ত্ৰয় ক্ৰমে জগদীশ সৰকাৰ, লৌমশ্ৰাও দৈমাৰী আৰু বনজাৰ দৈমাৰী উপস্থিত থাকে । সভাত ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী নেৰেচন বড়োৱে অনুষ্ঠানৰ আগভাগ লয়।

Exit mobile version