লাডাখৰ পাছত এইবাৰ ভূটানৰ ভূখণ্ডত অনুপ্ৰৱেশ আগ্ৰাসী চীনৰ

Screenshot 92

ভাৰত চীন সীমান্তৰ লাডাখ অঞ্চল চীনৰ আগ্ৰাসী কাৰ্যকলাপৰ বাবেই যোৱা মে’ৰ পৰা অস্থিৰ হৈ আছে । সষ্টম ভাৰতীয় সেনাই এই আগ্ৰাসন ৰোধ কৰাৰ পাছত এইবাৰ চীনৰ দৃষ্টি পৰিছে ভূটানৰ ভূখণ্ডত । সীমান্ত সমস্যাক লৈ বেইজিং আৰু থিম্ফুত ২৫ সংখ্যক বৈঠকত অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে আগন্তুক মাহত।

তাৰ পূৰ্বেই চীন ভূটান সীমান্তৰ মধ্য আৰু পশ্চিম ছেক্টৰত পিপ’লছ লিবাৰেচন আৰ্মি(পি এল এ)ৰ তৎপৰতাত তথ্য পোহৰলৈ আহিছে ৷ আনকি ভূটানৰ ভূখণ্ডত চীনা বাহিনৰ অনুপ্ৰবেশৰ অভিযোগ উত্থাপিত হৈছে । চলিত বৰ্ষৰ আৰম্ভণিতে এই ২৫ সংখ্যক বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ’না পৰিস্থিতিৰ বাবে সেয়া পিছুৱাই গৈছিল।

আসন্ন সীমান্ত বৈঠকৰ পূৰ্বে এই গতিবিধিত থিম্ফু উদ্বিগ্ন হৈছে ৷ বিশেষজ্ঞসকলৰ মতে, বৈঠকৰ পূৰ্বে ভূটানৰ ওপৰত চাপ সৃষ্টিৰ বাবে চীনে এই কৌশল লৈছে । ২০১৭ ত ড’কলাম মালভূমিত ভাৰত চীনৰ সেনাৰ মাজত ৭৩ দিনীয়া অচলাৱস্থাৰ সময়ত নতুন দিল্লীৰ পক্ষত থিয় দিছিল ভূটান । সেয়েহে এইবাৰ চীনে ভাৰতৰ বন্ধু ৰাষ্ট্ৰৰ স’তেও এঘড়ী যুঁজিবলৈ বিচাৰিছে বুলি ধাৰণা কৰা হৈছে ।

চীনা বাহিনীৰ গতি বিধি দেখি ভাৰতীয় সেনাই ধাৰণা কৰিছে যে চীনে কাম্ফেৰী গিৰিশিৰাৰ গিয়েম’চেন পৰ্যন্ত অঞ্চল নিজৰ জিম্মালৈ আনিব বিচাৰিছে। ইয়াৰ পৰিৱৰ্তে ভাৰত আৰু ভূটানৰ দাবী অনুসৰি ছিচেন লা-বাটাং-লা ট্ৰাইজংছন তিনি দেশৰ সীমাৰ নিৰ্ধাৰক ড’নলামৰ উত্তৰত অনুপ্ৰবেশ কৰি চীনা বাহিনীয়ে ইতিমধ্যে পাহাৰৰ ওপৰত দৃষ্টি ৰখাৰ যন্ত্ৰ সংস্থাপন কৰা বুলি অভিযোগ আছে ৷

কেৱল মধ্য বা পশ্চিম ছেক্টৰে নহয়,লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখা (এল এ চি)ত উত্তেজনাৰ পৰিস্থিতিত পূব ছেক্টৰত ভূটানৰ ভূখণ্ডলৈ দৃষ্টি নিক্ষেপ কৰিছিল চীনে ৷ শেহতীয়াভাৱে লাডাখৰ উত্তেজনাৰ মাজতে প্ৰায় এমাহ পূৰ্বে চীনে পোনপটীয়াকৈ সেনা প্ৰবেশ নকৰাই ভূটানৰ পূব ছেক্টৰৰ সীমান্ত সংলগ্ন ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যৰ অংশৰ দাবীদাৰ হৈ আন্তৰ্জাতিক মহলত ৷

আন্তৰ্জাতিক সংস্থা “গ্ল’বেল এনভাইৰনমেন্ট ফেচিলিটী”ৰ সাধাৰণ পৰিষদৰ ভাৰ্চুৱেল সভাত ভাৰতসহ কে’বাখনো দেশ ভূটানৰ পক্ষত থিয় দিয়াত চীনৰ উদ্দেশ্য সিদ্ধ নহ’ল । যোৱা ২৯ জুনত এই বৈঠক আছিল ।এই সংস্থাটোৱে পৰিবেশ ৰক্ষাৰ বাবে পুঁজিৰ যোগান ধৰে।

আমেৰিকাস্থিত জি ই এফে বিশ্বৰ বিভিন্ন প্ৰান্তত পৰিবেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ কাৰ্যসূচীৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে ৷আৰু চীন ভূটান সীমান্তৰ পূব ছেক্টৰত অৱস্থিত ৭৪০ কিলোমিটাৰ অভয়াৰণ্য এই তালিকাত আছে ৷এই ক্ষেত্ৰত বাধা দিবলৈ চেষ্টা কৰিছিল চীনে ৷

Exit mobile version