- অৱশেষত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা হ’ল ৷ নতুন ৰাজনৈতিক দলটোৰ নাম হ’ব অসম জাতীয় পৰিষদ । দলটোৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য হ’ব “অসম প্ৰথম, সদায় আৰু চিৰদিন”। সেইদৰে, দলটোৰ শ্লোগান হ’ব ‘ঘৰে ঘৰে আমি’।
- তলাবন্ধ প্ৰত্যাহাৰৰ পাছত ইজৰাইলত নতুনকৈ আৰম্ভ হৈছে কৰ’নাৰ সংক্ৰমণ । যাৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ প্ৰধান মন্ত্ৰী নেতান্যাহুৱে দেশখনত পুনৰ তলাবন্ধ ঘোষণা কৰিছে । প্ৰধান মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশজুৰি তলাবন্ধৰ কথা সদৰী কৰিছে।
- কৰ’না ভাইৰাছ প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই স্বীকৃতি দিছে কেমব্ৰিজ বিশ্ববিদ্যালয়ে ৷ কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰিস্থিতিত ভাৰতৰ চৰকাৰী নীতিৰ ভূমিকা সন্দৰ্ভত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই কথা সদৰী কৰিছে ৷
- দিল্লীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে জৱাহৰলাল নেহৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদক গ্ৰেপ্তাৰ কৰিছে । খালিদৰ বিৰুদ্ধে আৰক্ষীয়ে জনতাক হিংসাত্মক কাৰ্যত লিপ্ত হ’বলৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে।
- SBIয়ে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ ফিক্স ডিপ’জিট আঁচনিত বিনিয়োগৰ অন্তিম তাৰিখ ৩১ডিচেম্বৰলৈ বৃদ্ধি কৰিছে । লগতে SBI য়ে যোৱা মে’ মাহত জ্যেষ্ঠ নাগৰিকৰ বাবে এছ বি আই ‘উই কেয়াৰ’ ছিনিয়ৰ চিটিজেনছ টাৰ্ম ডিপ’জিট স্কীম ঘোষণা কৰিছিল।
ADVERTISEMENT