বৰ্তমানৰ কৰ’না সংকট কালত প্ৰায় পৃথিৱী স্তব্ধ হৈ পৰিছে । সকলোৱেই ব্যস্ত এতিয়া মাস্ক, চাবোন, ছেনিটাইজাৰৰ নতুন স্বাস্থ্য বিধিক লৈ । সমাজৰ প্ৰচলিত ৰীতি -নীতিৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে । পৰিৱৰ্তন হৈছে বিয়াৰ পূৰ্বৰ সকলো বিধি ব্যৱস্থা । কোনোৱে যদি অনলাইনযোগেই বাগদান পৰ্ব সম্পূৰ্ণ কৰিছে, তেন্তে কোনোৱে আকৌ নমঃ নমঃ উচ্চাৰণ কৰি ‘ৰেজিষ্ট্ৰি’ৰ মাধ্যমতে বিয়াৰ আনুষ্ঠানিকতা পূৰ্ণ কৰিছে ।
এনে পৰিস্থিতিত ইংলেণ্ডৰ এখন বিয়াত নতুন উপায় হিচাপে ৰভাতল ভৰি পৰিল । চমক খাই উঠিল সকলোৱে । যোৱা ১৪ আগষ্টত ইংলেণ্ডৰ ব্ৰেমলিৰ গিল্ড ফোৰ্ডৰ বাসিন্দা ৰোমানি আৰু শ্যাম ৰণ্ডুস্মিথৰ বিয়াখন সম্পন্ন হয় ।বিয়ালৈ শতাধিক লোকক আমন্ত্ৰণ কৰাৰ পৰিকল্পনা লোৱা হৈছিল কিন্তু কৰ’না সংক্ৰমণৰ এই সময়ত ভবা মতে, একো এটা নহ’ল । বিয়াৰ দিনো পৰিৱৰ্তন কৰিব লগা হয় বহুকেইবাৰ ।
শেষত সকলোকে একেলগে ৰভাতলত উপস্থিত কৰাবলৈ দুই লাখ টকা ব্যয় কৰিবলগীয়া হয় । অৱশ্যে এই টকাৰে বাছ, ৰেল অথবা বিমানৰ টিকট ক্ৰয় কৰিবলগীয়া হোৱা নাছিল । বৰঞ্চ এই টকা ব্যয় কৰা হয় অতিথিসকলৰ ‘কাট আউট’ বনোৱাৰ নামত । অতিথিসকলৰ কাট আউট এনেদৰে বনোৱা হৈছিল যাতে তেওঁলোক সোঁ শৰীৰে বিয়া ঘৰত উপস্থিত থকা যেন লাগে ।
ইংলেণ্ডৰ এখন বিয়াত সম্প্ৰতি ৩০ জন অতিথিহে উপস্থিত থাকিব পাৰে ।কিন্তু ৰোমানি আৰু শ্যামৰ বাবে সমস্যা হৈছিল ৩০ জন অতিথিৰ তালিকাৰ পৰা কাক বাদ দিব অথবা কাক নিমন্ত্ৰণ কৰিব । সেয়েহে প্ৰায় দুহেজাৰ পাউণ্ড অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত এক লাখ ৮০ হেজাৰ টকা ব্যয়ৰে সাজি উলিওৱা হয় ৫০ টা কাট আউট ।
অতিথি সকলৰ স’তে সম্পূৰ্ণ ভাৱে মিলি যোৱাকৈ বনোৱা হৈছিল এই কাট আউট বিলাক । ঘৰৰ পোহনীয়া কুকুৰৰো কাট আউট বনোৱা হৈছিল ।ছ’চিয়েল মিডিয়াত সম্প্ৰতি ৰোমানি আৰু শ্যামৰ বিয়াৰ বিভিন্ন ছবি শ্বেয়াৰ কৰা হৈছে । বিয়াৰ এই ছবিবিলাকে ইতিমধ্যে বিভিন্নজনৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে ।






























