আই পি এলৰ বাবে ডুবাইত ব্যস্ত অভিনেত্ৰী প্ৰীতি জিন্টা

3588749423001 6026855909001 6026856083001 vs

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা ‘কিংগছ ইলেভেন পাঞ্জাৱ’ টীমৰ স্বত্বাধিকাৰী প্ৰীতি জিন্টা বৰ্তমান আই পি এলৰ বাবে আছে ডুবাইত । ডুবাইত কোৱাৰেণ্টাইনত আছে অভিনেত্ৰী গৰাকী । এই সময়খিনিত নিজৰ পৰিয়াল আৰু পোহনীয়া কুকুৰ ব্ৰুনোক খুবেই ‘মিছ’ কৰিছে অভিনেত্ৰী গৰাকীয়ে।

প্ৰতিদিনেই অভিনেত্ৰী গৰাকীয়ে কোৱাৰেন্টাইনত কটোৱা কিছুমান সুমধুৰ মুহুৰ্তক মনত পেলাই ইনষ্টাগ্ৰাম যোগে ফটো শ্বেয়াৰ কৰি আছে ।অলপতে আইছ’লেছনত থকা সময়ত তেওঁৰ পোহনীয়া কুকুৰ ব্ৰুনোৰ স’তে উঠা এখনি সুন্দৰ ফটো শ্বেয়াৰ কৰে ইনষ্টাগ্ৰামত । ফটোখনত দেখা গৈছে অভিনেত্ৰী গৰাকীয়ে কুকুৰটোৰ ডিঙিত সাৱটি ধৰি আহাৰ খুৱাই থকাৰ দৃশ্য ।

লগতে কেপচনত লিখে, ‘ব্ৰুনোৰ কাষত থকা হ’লে কোৱাৰেণ্টাইনৰ মজাই বেলেগ’ । এইদৰে ইনষ্টাগ্ৰামত প্ৰীতিয়ে পোহনীয়া কুকুৰ ব্ৰুনোৰ উঠা কে’বাখনো ফটো শ্বেয়াৰ কৰে । অভিনেত্ৰী গৰাকীয়ে তেওঁৰ এটা ভিডিঅ’ আপলোড ইনষ্টাগ্ৰামত আপলোড কৰে ।

ভিডিঅ’টোত দেখা গৈছে প্ৰীতি জিন্টাক স্বাস্থ্য কৰ্মীয়ে স্বাৱ টেষ্ট কৰি থকাৰ ।ভিডিঅ’টোত কেপচন হিচাপে লিখে, ‘তৃতীয় বাৰৰ বাবে কভিড পৰীক্ষা কৰা হৈছে । ৰিজাল্ট নিগেটিভ আহিছে । মই বহুত সুখী আৰু আনন্দিত । লগতে সাৱধানে এই পৰীক্ষাটো কৰা বাবে এই মহিলা গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছো । এয়া এটা কভিড পৰীক্ষা পাৰ কৰাৰ এক অনুভৱ ।

লগতে অভিনেত্ৰী গৰাকীয়ে লিখে যে, ‘দুটা পৰীক্ষা আৰু বাকী আছে তাৰবাবে আৰু দুদিন কোৱাৰেণ্টাইন থাকিব লাগিব । আজি কোৱাৰেণ্টাইনৰ পঞ্চম দিন ।’ ডুবাইত থাকি অভিনেত্ৰী প্ৰীতি জিন্টাই নিজৰ স্বামী জিন গুডেনকো খুব ‘মিছ’ কৰিছে । স্বামীৰ স’তে উঠা কে’বাখনো ফটো ইনষ্টাগ্ৰামত প’ষ্ট্ কৰে । লগতে ফটো খনৰ কেপচনত লিখে,  “Miss being outdoors and miss my better half “.

Exit mobile version