মঠ-মন্দিৰ-মছজিদৰ উন্নয়নৰ বাবে বড়োলেণ্ড মিৰোৰ আঁচনি

VID 20200915 WA0012 8395

“বিটিচিত বিপিএফ দলৰ পৰাই আগন্তুক কাৰ্যকালৰ বাবে চীফ হ’ব ৷” এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷ আজি শালবাৰীৰ চলিকান্দা বজাৰ ঈদগাহ ময়দানৰ প্ৰাংগনত অনুষ্ঠিত হোৱা বিপিএফ দলৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয়-“মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া কাম কৰি দেখুৱাম ৷ বিটিচিৰ বাসিন্দাসকলক আমি ১৯৫১ চনৰ আইনমতে চৰকাৰৰ একেই নীতি অনুসৰণ কৰি মাটি জৰীপ কৰি মাটিৰ পট্টা দিম ৷ যিসকল ভাৰতীয় নাগৰিকে এনআৰচিক লৈ হাৰাশাস্তি খাই আহিছে তেওঁলোকৰ নথিপত্ৰ চাই আমি চৰকাৰৰ স’তে আলোচনা কৰি তেওঁলোকক সহায় কৰিম ৷”

বিপিএফৰ শালবাৰী জিলা সমিতিৰ সভাপতি মিলন বড়োই আঁত ধৰা সভাখনত হাগ্ৰামা মহিলাৰীয়ে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো প্ৰসংগত কয় যে প্ৰমোদ বড়োৰ লগত বিপিএফৰ মিত্ৰতা হোৱাৰ কোনো প্ৰশ্নই নাহে ৷ প্ৰমোদ বড়োৰ লগত মিত্ৰতা কৰিলে বেলেগ কমিউনিটিৰ মানুহে বিপিএফক বেয়া পাব ৷ প্ৰমোদ বড়োই বিটিচি অঞ্চলত বসবাস কৰা বহু জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে বহু কথা কৈ আহিছে ৷ এনে মানুহৰ লগত মিত্ৰতাৰ কোনো যুক্তিয়েই নাহে ৷

এনআৰচি বা দ্বি ভোটাৰৰ ক্ষেত্ৰত বিটিচিৰ ৰাইজক যেনেকৈ সহায় কৰিব লাগিছিল তেনেকৈ সহায় কৰিব পৰা নাই বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে আগন্তুক চৰকাৰ গঠন হোৱাৰ পিছতেই এই কামৰ সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে সভাত উপস্থিত ৰাইজক ৷ ২১ নং শালবাৰী আৰু ২০ নং মথনগুৰি সমষ্টিৰ বিপিএফ দলৰ দুই প্ৰাৰ্থী ক্ৰমে জয় মুছাহাৰী আৰু বেগম আখতাৰা আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাখনত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে বিটিচি উন্নয়নৰ বাবে ভালেকেইটা নতুন আঁচনিৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে ৷’

তেওঁ কয়-“আগন্তুক কাৰ্যকালত আমি চাৰিটা নতুন ব্যৱস্থা হাতত লৈ কাম কৰি যাম ৷ প্ৰথমে আমি মাটি জৰীপ কৰি বিটিচিবাসীক মাটিৰ পট্টা প্ৰদান কৰিম, দ্বিতীয়তে জাতিগতভাৱে আমি উন্নয়ন পৰিষদ গঠন কৰিম, তৃতীয়তে বিটিচিৰ মঠ-মন্দিৰ, মছজিদকে ধৰি ধৰ্মীয় অনুষ্ঠান সমূহৰ উন্নয়নৰ বাবে বড়োলেণ্ড মিৰোৰ আঁচনি গ্ৰহণ কৰিম আৰু চতুৰ্থতে মাটি কিনা-বেচাৰ ক্ষেত্ৰত আমি ৰাইজৰ সুবিধাৰ্থে কাম কৰিম ৷” অনুষ্ঠিত হোৱা সভাখনত বিপিএফৰ বাক্সা জিলা সমিতিৰ সম্পাদক প্ৰবীন দাস, প্ৰবীন বড়ো, নাৰায়ণী বসুমতাৰী, জয় মুছাহাৰী, বেগম আখতাৰা আহমেদ, ৰফিক আহমেদ আদি উপস্থিত থাকে ৷

Exit mobile version