মাইগ্ৰেনৰ পৰা ঘৰুৱা ভাৱে উপশম পাবলৈ কেইটামান বিশেষ উপায়

woman headache

আমাৰ প্ৰত্যেকৰে কৰ্মব্যস্ততাৰ মাজত যদি মূৰৰ বিষ হয় বা মাইগ্ৰেনত আক্ৰান্ত হওঁ, তেনেহলে আমাৰ যিমানে প্ৰয়োজনীয় কাম নহওক কিয় মনোযোগ দিয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ৷ সাম্প্ৰতিক সময়ত কিশোৰ কিশোৰীৰ লগতে বহু জন মাইগ্ৰেনত আক্ৰান্ত হোৱা দেখা যায় এই সন্দৰ্ভত Migraine Research Foundationৰ মতে বিশ্বৰ প্ৰায় ১২শতাংশ লোক মাইগ্ৰেনত ভূগে ।

মাইগ্ৰেন হ’লে আমি উচ্চ হাৰত লগোৱা সংগীত, লাইট আদিৰ পৰা আঁতৰত থাকিব বিচাৰো । মাইগ্ৰেনৰ পৰা উপশম পোৱা এটা উপায় হ’ল টোপনি  ৷ গতিকে মাইগ্ৰেন হোৱা লোকসকলে উজ্জ্বল লাইট, উচ্চ সংগীত, মানসিক চিন্তা আদিৰ পৰা আঁতৰত থাকিব লাগিব ৷

কিন্তু মাইগ্ৰেনত আক্ৰান্ত লোকসকলে ঘৰুৱাভাৱেও ইয়াৰ প্ৰতিকাৰ কৰিব পাৰে ৷ ইয়াৰ ভিতৰত যিকোনো তেল বা আপুনি স্বাভাৱিকতে ব্যৱহাৰ কৰা তেলৰ দ্বাৰা মাইগ্ৰেনৰ পৰা উপশম পাব পাৰি । এক বিশেষ গৱেষণা অনুসৰি মাইগ্ৰেন হ’লে যিকোনো তেল ব্যৱহাৰ কৰিলে প্ৰায় ১৫ মিনিটমানৰ ভিতৰতে উপশম লাভ কৰে । লগতে তেল ব্যৱহাৰ কৰিলে টোপনিও ভালকৈ হয় । লগতে মানসিক অৱসাদৰ পৰাও শান্তি পোৱা যায় ।

ইপিনে শৰীৰত পানীৰ পৰিমাণ কম হ’লেও মাইগ্ৰেন হ’ব পাৰে । গতিকে আমাৰ শৰীৰটোক যিমান পাৰি পানীৰ যোগান ধৰিব লাগে ৷ গতিকে শৰীৰত পানীৰ যোগান ধৰাৰ যিকোনো ফল, শাক-পাচলি খাব লাগে  ৷ গতিকে শৰীৰত পানীৰ পৰিমাণ কম হ’লেও যে মাইগ্ৰেন হ’ব পাৰে সেইটো কেতিয়াও পাহৰিব নালাগে । শ শ বছৰ ধৰি আদাই আমাৰ বিভিন্ন বিষ উপশম কৰি আহিছে ৷

লগতে খাদ্য হজম নোহোৱা,বমি ভাব হোৱা আদি বিভিন্ন ৰোগত আদা মহৌষধ ৷ যদি আদাৰ এটা পেষ্ট তৈয়াৰ কৰি চেলাউৰিৰ মাজত প্ৰলেপ লগোৱা হয় তেন্তে মাইগ্ৰেনৰ পৰা উপশম পাব পাৰি ৷ লগতে আদা দিয়া চহা সেৱন কৰিলেও মাইগ্ৰেন ভাল হয় ।

সাম্প্ৰতিক সময়ত যোগাসন আমাৰ জীৱনত আটাইতকৈ প্ৰয়োজনীয় ৷ যোগাসনে আমাৰ শৰীৰৰ বিষৰ বিৰুদ্ধে হৰম’নৰ লগত যুদ্ধ কৰে । লগতে আমাৰ মন, মগজু ,শৰীৰত প্ৰভাৱ পেলায় । শৰীৰত তেজৰ চলাচল নিয়মীয়া কৰে। আৰু আমাৰ শৰীৰক ৰোগ প্ৰতিৰোধ ক্ষমতাকো বৃদ্ধি কৰে ৷ গতিকে মাইগ্ৰেনৰ কাৰণে যোগাসন কৰাটো খুবেই প্ৰয়োজনীয় ৷

Exit mobile version