- যোৱা ২৪ ঘণ্টাত দেশত ৮৩,৮০৯ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে কৰ’নাত ৷ মৃত্যু হৈছে ১০৫৪ গৰাকী লোকৰ ৷ ইয়াৰ লগে লগে দেশত কৰ’নাত মুঠ আক্ৰান্তৰ সংখ্যা ৪৯,৩০,২৩৬ গৰাকীলৈ বৃদ্ধি পালে । আৰু ৭৯,২৯২ গৰাকী লোক সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতিছে।
- লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে কেন্দ্ৰক ‘কা’ৰ প্ৰতিবাদৰ সময়ত পাঁচগৰাকী যুৱকৰ মৃত্যুৰ ঘটনাৰ এক ন্যায়িক তদন্তৰ দাবী কৰিছে । লগতে সাংসদ গৌৰৱ গগৈয়ে কয় যে অসমৰ জনসাধাৰণে ‘কা’ মানি নলয় কিয়নো ই অসম চুক্তি উলংঘা কৰিছে আৰু NRC ক অৰ্থহীন কৰি তুলিছে ৷
- সংযুক্ত মুক্তি বাহিনী আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংগঠনটোৰ আলোচনাপন্থী গোটৰ কেইগৰাকীমান শীৰ্ষ নেতাৰ সৈতে নিয়মিত সম্পৰ্ক ৰক্ষা কৰি আছে । লগতে বৰুৱাই ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে অৱগত হ’বলৈ অসমৰ একাংশ লোকৰ সৈতে নিয়মিত যোগাযোগ ৰাখিছে।
- আছু আৰু AJYCP ৰ নতুন ৰাজনৈতিক দল গঠনত সুখী নহয় কৃষক মুক্তি সংগঠন ৷ পৃথক পৃথক দল খোলাত বিজেপি-আৰ এছ এছ সুখী হ’ব বুলি সদৰী কৰে কৃষক মুক্তিয়ে ৷ আনহাতে, সংগঠনটোৱে ২০ছেপ্টেম্বৰলৈ অপেক্ষা কৰিব যদিও তাৰ পাছত নতুন ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি চলাব বুলি জানিব দিয়ে।
- ৰাজ্যৰ ৫৪ হাজাৰ খিলঞ্জীয়া লোকক প্ৰদান কৰা হ’ব ভূমিপট্টা । এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অহা ৫ অক্টোবৰৰ ভিতৰত এই লোকসকলে লাভ কৰিব ভূমিপট্টা । ইপিনে মুখ্যমন্ত্ৰী গ্ৰাম পৰিবহণ যোজনাৰ অধীনত সংযোজিত কৰা হ’ব ২ হেজাৰখন গাওঁ ৷ লগতে গোলাঘাটত আন্তঃৰাষ্ট্ৰীয় অগৰৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে ।
ADVERTISEMENT