আজব দেশৰ গজব খবৰ

image

কৰ’নাৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । কিন্তু একাংশই আকৌ মাস্ক পৰিধান কৰাৰ বিপৰীতে ৰুমাল বা অন্য তেনেধৰণৰ কাপোৰ মাস্ক হিচাপে ব্যৱহাৰ কৰে । ভাৰতত সম্প্ৰতি সোণ, ৰূপ আৰু হীৰাৰে তৈয়াৰী মাস্কও বজাৰত পোৱা গৈছে । কিন্তু এইবাৰ এজন লোকে মাস্কৰ পৰিৱৰ্তে পৰিধান কৰিলে এডাল সাপ ।

হয়, ব্ৰিটেইনৰ এজন লোকে মুখত মাস্কৰ দৰে এডাল সাপ মেৰিয়াই লৈ এখন বাছত উঠি যাত্ৰা কৰে ৷ লোকজনৰ ওপৰত এগৰাকী মহিলাৰ প্ৰথমে চকু পৰিছিল ৷ মহিলাগৰাকীয়ে যাত্ৰীগৰাকীয়ে ফেন্সী মাস্ক পৰিধান কৰিছিল বুলি ভাবিছিল যদিও ভালকৈ চোৱাত জানিব পাৰে যে সেয়া এডাল জীৱন্ত সাপ । আনহাতে সাপডাল আছিল যথেষ্ট ডাঙৰ ।

এই সন্দৰ্ভত ব্ৰিটেইনৰ পৰিবহন মন্ত্ৰণালয়ৰ মন্তব্য যে ক’ভিড-১৯ক প্ৰতিৰোধ কৰিবলৈ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷ কিন্তু সেইবুলি কোনোবাই এডাল জীৱন্ত সাপ পৰিধান কৰিব সেয়া ভাবিবই নোৱাৰি ।

Exit mobile version