- আজি জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ভাৰত-পাকিস্তান সীমান্তত পাকিস্তান সেনাই কৰা গুলিচালনাত ভাৰতীয় সেনা বাহিনীৰ জোৱান গৰাকী শ্বহীদ হয় । LACত পাকিস্তান সেনাই যুদ্ধবিৰতি উলংঘন কৰি কৰা গুলিচালনাত ভাৰতীয় সেনা বাহিনীৰ এগৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে দুগৰাকী জোৱান আঘাতপ্ৰাপ্ত হয় ।
- ভাৰত চৰকাৰে পিয়াঁজৰ ৰপ্তানি বন্ধ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ পাছতে বাংলাদেশত পিয়াঁজৰ মূল্য ৫০ শতাংশ বৃদ্ধি পাইছে ।উল্লেখযোগ্য যে, চলিত বৰ্ষত ভাৰতত পিয়াঁজৰ অভাৱ নহ’বৰ বাবে ভাৰত চৰকাৰে এইবৰ্ষত আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি পিয়াঁজৰ ৰপ্তানি বন্ধ কৰিছে ।
- বিগত ২৪ ঘন্টাত দেশত ৯০ হাজাৰৰো অধিক লোক নতুনকৈ আক্ৰান্ত হৈছে কৰ’নাত ৷ মৃত্যু হৈছে ১২৯০ গৰাকী লোক ৷ দেশত কৰ’নাত মুঠ আক্ৰান্তৰ সংখ্যা ৫০,২০,৩৬০ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হৈছে ৮২,০৬৬ গৰাকী লোক ৷
- ৰাজ্য সভাৰ শূণ্য কালত বাঘজানৰ প্ৰসংগ উত্থাপন কৰে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷ লগতে সাংসদ বৈশ্যই ক্ষতি গ্ৰস্তসকলক ক্ষতিপূৰণ দিয়াৰ দাবী কৰে ৷ ইপিনে এতিয়াও বাঘজানৰ জুই নুমাবলৈ সক্ষম হোৱা নাই অইল কৰ্তৃপক্ষই । শেহতীয়াকৈ বাঘজানত মৃত্যু হৈছে এজন অইলৰ অভিযন্তাৰ।
- ক’না ভাইৰাছৰ বাবে দেশত হোৱা অৰ্থনৈতিক সংকটৰ বাবে এবছৰৰ বাবে সাংসদ সকলৰ দৰমহা, ভাত্তা আৰু পেঞ্চনৰ ৩০ শতাংশ কৰ্তন কৰা হ’ব । কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা এই বিধেয়কখন এই গৃহীত হয় লোকসভাত । অৱশ্যে বিধেয়কখন ৰাজ্য সভাত গৃহীত হোৱা নাই।
চাওঁ আহক কেইটামান গুৰুত্বপূৰ্ণ খবৰ
