থালি দেশভক্তি আৰু নাৰী প্ৰধান ছবিৰে সজোৱা হয়, এইখন মোৰ নিজৰ থালি জয়াজী, আপোনাৰ নহয়ঃ কংগনা ৰানাউট

Kangana jaya bachchan 1200

বলীউডত আৰম্ভ হোৱা সুশান্ত সিং ৰাজপুতৰ বিবাদে সম্প্ৰতি সংসদৰ মজিয়া পালেগৈ ৷ সংসদত সাংসদ জয়া বচ্চনে যিখন থালিত খাই সেইখন থালিৰে বদনাম গাই বুলি দিয়া মন্তব্যক লৈ তৰ্ক বিতৰ্কৰ সূত্ৰপাত হৈছে । জয়া বচ্চনৰ এই মন্তব্যক লৈ কংগনা ৰানাউটে বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

কংগনাই টুইট কৰিছিল “কোন খন থালি দিছে জয়াজী আৰু তেওঁৰ ইণ্ডাষ্ট্ৰীয়ে ৷ মই এই ইণ্ডাষ্ট্ৰীক ফেমিনিজম শিকাইছো ৷ থালি দেশভক্তি আৰু নাৰী প্ৰধান ছবিৰে সজোৱা হয় । এইখন মোৰ নিজৰ থালি জয়াজী, আপোনাৰ নহয় ।” আনহাতে জয়া বচ্চনে সংসদত দিয়া মন্তব্যৰ পাছতে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰে মুম্বাইত অমিতাভ বচ্চনৰ ঘৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৷

ইপিনে এই সমগ্ৰ বিবাদটো আৰম্ভ হৈছিল সংসদত বিজেপি সাংসদ ৰবি কৃষাণে ১৪ ছেপ্টেম্বৰত দিয়া এটা মন্তব্যৰ পিছত ৷ সাংসদ ৰবি কৃষাণে বলীউডত ড্ৰাগছৰ লগত জড়িত লোকসকলৰ সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান কৰিছিল NCBক ।

ইয়াৰ পাছত মংগলবাৰে সাংসদ জয়া বচ্চনে ড্ৰাগছৰ সন্দৰ্ভত কয় “কিছুমান লোকৰ কাৰণে আপুনি সমগ্ৰ ছবি ইণ্ডাষ্ট্ৰীটোক দোষ দিব নোৱাৰে ৷ মোৰ লাজ লাগিছে যে কালি আমাৰ ছবি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত এজন সদস্যই ইয়াৰ বিৰোধিতা কৰিছে । এয়া অত্যন্ত দুখজনক । যিখন থালিত খাই সেইখন থালীৰে বদনাম গায়।”

আনহাতে জয়া বচ্চনৰ এই মন্তব্যৰ পিছতেই কঠোৰ সমালোচনা কৰে কংগনাই ৷ আৰু এই বিতৰ্কই শেহতীয়াকৈ কি ৰূপ লয় সেয়া হ’ব লক্ষ্যণীয়  ৷

Exit mobile version