দিল্লীৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ ১৭,৫০০ পৃষ্ঠাৰ চাৰ্জছীট দাখিল

66f2d105 b86e 4293 8fab 9484a7261db5

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ পৰিপ্ৰেক্ষিতত ২৪ ফ্ৰেব্ৰুৱাৰীত দিল্লীত হিংসাত্মক ঘটনা সংঘটিত হয় । দিল্লীত হোৱা হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত আজি দিল্লী আৰক্ষীয়ে ১৭,৫০০তকৈ অধিক পৃষ্ঠাৰ চাৰ্জছীট আদালতত দাখিল কৰে ৷ আজি প্ৰায় ১৫ জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জছীট দাখিল হয় ।

সম্প্ৰতি ওমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ সন্দৰ্ভত চাৰ্জছীট দাখিল হোৱা নাই। তেওঁলোকৰ নাম Supplementary Chargesheetত আহিব  ৷ আজি আৰক্ষীয়ে দাখিল কৰা চাৰ্জছীটত ১৭,৫০০ তকৈ অধিক পৃষ্ঠা আছে ৷ আৰক্ষীৰ বিশেষ শাখাই আজি দুখন বাহনত চাৰ্জছীটসহ আদালতলৈ ৰাওনা হয় ৷  লগতে ডিজিপি কুশবাহাও উপস্থিত থাকে ।

আৰক্ষীৰ এক বিশেষ সূত্ৰৰ মতে এই চাৰ্জছীটত আছে ৭৪৫ জন সাক্ষী ৷ চাৰ্জছীটৰ প্ৰমাণ হিচাপে আছে চিডি আৰ, হোৱাটছএপ গ্ৰুপ আৰু বহুতো ।আৰক্ষীৰ মন্তব্য অনুসৰি তেওঁলোকে এই চাৰ্জছীটত যি ধাৰা লগাইছে সকলো প্ৰমাণৰ ওপৰত ভিত্তি কৰিহে লগাইছে । সম্প্ৰতি তদন্ত হৈ আছে ৷ পিছত Supplementary Chargesheetত দাখিল কৰা হ’ব ।

উল্লেখযোগ্য যে দিল্লীৰ হিংসাত্মক ঘটনাৰ লগত জৰিত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা JNUৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদক সোমবাৰে দিল্লীৰ আদালতে ১০ দিনৰ কাৰণে আৰক্ষীৰ জিম্মাত দিয়ে । ওমৰ খালিদক দিল্লী আৰক্ষীৰ বিশেষ শাখাই দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰিছিল ।

ইপিনে ওমৰ খালিদৰ নাম দিল্লীৰ হিংসাত্মক ঘটনাৰ চাৰ্জছীটৰ প্ৰতিটো পৃষ্ঠাতে আছে । দিল্লী আৰক্ষীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প অহাৰ পূৰ্বে অভিযুক্তসকলৰ কথা বতৰা, তেওঁলোকৰ বৈঠক, তেওঁলোকৰ কল ৰেকৰ্ড আদি সকলোবোৰ অধ্যয়ন কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে ।

দিল্লী আৰক্ষীৰ বিশেষ শাখাই জাফৰাবাদত হোৱা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত গোচৰ নম্বৰ ৫০/২০ ৰ আধাৰত তাহিৰ হুছেইন, দেবাংগনা কলিতা, নতাশা নৰৱাল, গুলফিছ ফাতিমাৰ বিৰুদ্ধে Supplementary Chargesheetত দাখিল কৰে ।

আনহাতে দিল্লীত হোৱা এই হিংসাত্মক পৰিস্থিতিত ৫৩ জন লোকৰ মৃত্যু হয় । আহত হয় ২০০ তকৈও অধিক লোকৰ । আৰক্ষীৰ মতে এই সন্দৰ্ভত ৭৫১ খন এফআইআৰ দাখিল কৰা হৈছে ।

Exit mobile version