ৰাছিয়াৰ ভেকচিন ‘Sputnik V’ৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল হ’ব ডা° ৰেড্ডীৰ লেবত

corona vaccine

ৰাছিয়াৰ কৰ’না ভাইৰাছ ভেকচিন ‘Sputnik V”ৰ ভাৰতত তৃতীয় পৰ্যায়ৰ ট্ৰায়েল হ’ব গ্ল’বেল ফাৰ্মাউটিকেল কোম্পানীৰ ড° ৰেড্ডী লেবটৰীত ৷ Russian Direct Investment Fund আৰু ড° ৰেড্ডী লেবটৰীৰ মাজত ইয়াৰ বুজাবুজি সম্পন্ন হৈছে ৷

লগতে ড° ৰেড্ডী লেবটৰীয়ে ৰাছিয়াৰ ভেকচিনক বিতৰণ কৰিব । ট্ৰায়েল সম্পূৰ্ণ হোৱাৰ পিছত আৰু ভাৰতীয় অথৰিটিৰ ফালৰ পৰা ব্যক্তিৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত ভেকচিনৰ বিতৰণ চলিত বৰ্ষৰ শেষলৈকে আৰম্ভ হ’ব। ৰাছিয়াৰ এই বহু চৰ্চিত ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল হৈ আছে ৷

বিগত সময়ত নীতি আয়োগৰ ড° ভি কে প’লে সংবাদমাধ্যমৰ সন্মুখত কয় যে ৰাছিয়াই ভাৰতত ভেকচিনৰ ট্ৰায়েল কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷ আনহাতে ‘Russian Direct Investment Fund’ৰ মুখ্য কাৰ্যকৰী বিষয়া কিৰিল দিমিত্ৰেবে কয় যে ৰাছিয়াই চলিত মাহতে ভাৰতত ভেকচিনৰ ট্ৰায়েল আৰম্ভ কৰিব ৷

তেওঁ লগতে কৈছিল যে চাউদী আৰব, সংযুক্ত আৰৱ অ’মীৰাত আৰু ফিলিপাইন্স, ভাৰত আৰু ব্ৰাজিলত ভেকচিনৰ ক্লীনিকেল ট্ৰায়েল ছেপ্টেম্বৰৰ পৰা হ’ব । আনহাতে, ভাৰতত দেশীয়ভাৱে প্রতিষেধক উৎপাদনৰ ওপৰত আৰম্ভণিৰে পৰা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে গুৰুত্ব আৰােপ কৰি আহিছে।

দেশত কমেও তিনিটা সংস্থাই এই ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা কৰি আছে । এই মর্মে ভাৰত বায়’টেকৰ প্ৰতিষেধকৰ প্রথম পর্যায়ৰ অন্ত পৰিল আৰু দ্বিতীয় পর্যায় আৰম্ভ হ’ব । জাইক’ভ ডিৰ একেদৰে দ্বিতীয় পর্যায় আৰম্ভ হৈছে।

দেশৰ বৃহৎ প্রতিষেধক প্রস্তুতকাৰী কোম্পানী ছেৰাম আৰু অক্সফ’ৰ্ডৰ যুটীয়া উৎপাদন প্রতিষেধক ক’ভিশ্বিল্ডৰ তৃতীয় পর্যায় অতি সােনকালে আৰম্ভ কৰা হ’ব । ভাৰতে এই পর্যন্ত ৰাছিয়াৰ প্রতিষেধকক লৈ নীৰৱতা অৱলম্বন কৰিলেও সম্প্রতি এই প্রতিষেধক ভাৰতত উৎপাদন আৰু ভাৰতবাসীৰ ওপৰত তৃতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়ােগৰ বাবে আগ্রহ প্রদর্শন কৰিছে মস্কোৱে।

Exit mobile version