অসম মাধ্যমিক শিক্ষা বিভাগে ২১ছেপ্টেম্বৰৰ পৰা ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ কাৰণে কিছুমান নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি ২১ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ ক’ভিড-১৯ ৰ নীতি-নিৰ্দেশনাৰে খুলিব ৷
ADVERTISEMENT
- এই সময়ত নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম সমূহ হ’ব ৷
- ইয়াৰ বিপৰীতে অন্যান্য শ্ৰেণীসমূহ বন্ধ থাকিব ৷
- নৱমৰ আৰু একাদশ শ্ৰেণী সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে পাঠ্যদান হ’ব ৷
- দশম আৰু দ্বাদশ শ্ৰেণীৰ হ’ব মংগলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে ৷
- প্ৰত্যেকটো শ্ৰেণী আৰু ছাত্ৰ ছাত্ৰীসকলক দুটা ভাগত ভাগ কৰিব লাগিব ৷ এটা শ্ৰেণীত ২০ জনতকৈ বেছি ছাত্ৰ -ছাত্ৰী থাকিব নোৱাৰিব ।
- প্ৰথম ভাগৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহিব ৯ বজাত ৷ আৰু তেওঁলোকৰ ছুটী হ’ব ১২বজাত ৷ আনটোৰ তেনেকৈ ১-৪ টালৈ হ’ব ক্লাচ ৷
- আনহাতে বিদ্যালয়ত শিক্ষক কৰ্মচাৰীৰ উপস্থিতি ৫০ শতাংশ থাকিব লাগে ।
- আনহাতে, শ্ৰেণীকোঠাত ৬ ফুট সামাজিক দূৰত্বত থাকিব লাগিব ছাত্ৰ ছাত্ৰীসকল ৷
- মাস্ক পৰিধান কৰা বাধ্যতামূলক ৷
- ৪০-৬০ ছেকেণ্ডৰ অন্তৰে অন্তৰে চাবোনেৰে হাত ধূব লাগিব । লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰাটোও বাধ্যতামূলক।
- হাঁচিয়ালে, কাহিলে ব্যৱহাৰ কৰা টিচু ৰুমাল ডাষ্টবিনত পেলাব লাগিব।
- আৰোগ্য সেতু এপ সকলোৰে থাকিব লাগিব ৷
- ঠিক তেনেদৰে বিদ্যালয় গৃহসমূহ প্ৰতিদিনে ছাফা কৰিব লাগিব।
- লেবৰটৰী, বাথৰুম সকলো প্ৰতিদিনে ছাফা কৰিব লাগে।