ভাৰতৰ লগতে ২০ খন দেশত উৎপাদিত হয় প্ৰচুৰ পৰিমাণে মাদক দ্ৰব্যঃ ড’নাল্ড ট্ৰাম্প

donald trump

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ লগতে ২০ খন দেশক মাদক দ্ৰব্য উৎপাদন কৰাটো দেশ হিচাপে চিহ্নিত কৰিছে ৷ ট্ৰাম্পে লগতে কয় যে তেওঁৰ প্ৰশাসনে মাদক দ্ৰব্যৰ জড়িত অপৰাধীসকলৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷

ট্ৰাম্পে কয় যে আফগানিস্তান, ভাৰত, বাৰ্মা, কলম্বিয়া, কোষ্টা ৰিকা আদি দেশসমূহ প্ৰচুৰ পৰিমাণে মাদক দ্ৰব্য উৎপাদিত দেশ । ট্ৰাম্পে কয় যে” কলম্বিয়াত ৰাষ্ট্ৰপতি ডিউক আৰু তেওঁৰ চৰকাৰে মাদক দ্ৰব্যৰ বিৰোধিতা কৰিছে । কলম্বিয়া আৰক্ষীয়ে মাদক দ্ৰব্য ঘাটি উচ্ছেদ কৰাত যথেষ্ট উদ্যোগ গ্ৰহণ কৰিছে ৷

আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কাৰণে সাজু হৈছে ড’নাল্ড ট্ৰাম্প।আৰু প্ৰতিদিনে ট্ৰাম্পৰ নিত্য নতুন তথ্য তথা ব্যক্তব্যই প্ৰচাৰ লাভ কৰিছে।তাৰ মাজতে আমেৰিকাত বনজুইহে বিভীষিকাৰ সৃষ্টি কৰিছে ।

কেলিফৰ্ণিয়াৰ অৰণ্যত লগা জুইৰ খবৰ ল’বলৈ একসপ্তাহৰ পিছত উপস্থিত হয় ট্ৰাম্প । কেলিফৰ্ণিয়াত অৰণ্যত লগা জুইৰ কাৰণে বহু লোকে নিজৰ প্ৰাণ ৰক্ষাৰ কাৰণে পলায়ন কৰে ৷ কাৰণ এই বনজুইত ২৭ জন লোকৰ মৃত্যু হয় ।

আচৰিতভাৱে এই বনজুইৰ কাৰণে বন আৰক্ষীৰ কিছুমান বিষয় বিষয়াক দোষী সাৱ্যস্ত কৰে ট্ৰাম্পে ৷ ইয়াৰ পাছত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাইডেনে কয় যে ট্ৰাম্প যদি অনাগত কাৰ্যকাৰ কাৰণে নিৰ্বাচিত হয় তেন্তে প্ৰকৃতিলৈ ভাবুকি আহিব ।

বাইডেনে কয় “আমি যদি ট্ৰাম্পক আদি চাৰি বছৰ দিও তেন্তে বতৰ পৰিৱৰ্তন কৰা বিষয়টো উপেক্ষা কৰিব। যদি আপোনালোকে জলবায়ুক জুইত অৰ্পণ কৰিব বিচাৰি তেন্তে আমেৰিকাৰ জুইত জাঁহ যোৱাৰ দৰে হ’ব ৷”

Exit mobile version