ক্ষুদ্ৰ ‘এন্টিবডি’ কৰ’নাৰ বাবে হৈ উঠিব পাৰে যম

3coronavirus 82

আকাৰত অতিকৈ ক্ষুদ্ৰ একোটা সাধাৰণ এন্টিবডিৰ দৈৰ্ঘ‍্যৰ এক দশমাংশ মাত্ৰ । শেহতীয়াকৈ এই ক্ষুদ্র এন্টিবডিৰ ক্ষমতাক লৈয়ে আশাৰ সঞ্চাৰ হৈছে বিজ্ঞানীসকলৰ মাজত । পৰীক্ষাত ওলাই পৰিছে যে ক’ভিড -১৯ সংক্ৰমণ সৃষ্টিকাৰী ছাৰ্ছ ক’ভ -দুই ভাইৰাছক সম্পূৰ্ণভাৱে নিষ্ক্ৰিয় কৰাৰ ক্ষমতা ইয়াৰ মাজতে নিহিত হৈ আছে ।

‘এ বি -আঠ ‘ নামেৰে এই এন্টিবডি ব্যৱহৃত হয় ঔষধ প্ৰস্তুত কাৰ্যত । ইয়াকে লৈ এতিয়া গৱেষণাত ব্যস্ত হৈ পৰিছে বহুকেইজন বিজ্ঞানীয়ে । ‘চেল’ নামৰ এখন জাৰ্ণেলত এই সন্দৰ্ভত কৰা গৱেষণাৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে ।প্ৰতিবেদনত দাবী কৰা অনুসৰি ছাৰ্ছ ক’ভ -দুই ভাইৰাছক দমন কৰিব পাৰে এই এন্টিবডিয়ে । হৈ উঠিব পাৰে কৰ’নাৰ যম সদৃশ ।

তদুপৰি আশাৰ কথা হৈছে মানৱ কোষত এই এন্টিবডিৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া এতিয়ালৈকে দেখিবলৈ পোৱা যোৱা নাই । উল্লেখ্য যে ক’ভিড -১৯ ৰ পৰা সুস্থ হৈ উঠা লোকৰ শৰীৰৰ পৰা প্লাজমা লৈ সম্প্ৰতি কৰ’না আক্ৰান্তক পৰীক্ষামূলক ভাৱে চিকিৎসা কৰি থকা হৈছে ।

এই প্লাজমাত কৰ’নাত সুস্থ হোৱা সকলৰ শৰীৰত থকা এন্টিবডিয়ে আক্ৰান্ত লোকক আৰোগ্য লাভত সহায় কৰে বুলি ভবা হৈছে; কিন্তু এতিয়ালৈকে ইয়াৰ প্ৰয়োগ প্ৰমাণিত হৈ উঠা নাই । সমান্তৰালভাৱে প্লাজমাৰ প্ৰয়োজনীয়তা অনুসৰি যোগান লাভ কৰাটোও সম্ভৱ নহ’ব পাৰে বুলি অনুমান কৰা হৈছে।

Exit mobile version