কৰ’নাৰ পৰিপ্ৰেক্ষিতত সংসদৰ অধিবেশন স্থগিত ৰখাৰ সিদ্ধান্ত

parliament

কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সংসদৰ অধিবেশন স্থগিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।দুজন মন্ত্ৰী আৰু এজন বিজেপি সাংসদক অধিবেশনৰ মাজতে কৰ’না পজিটিভ হোৱাৰ পাছতে বৰ্ষাকালীন অধিবেশনৰ স্থগিত কৰাৰ সিদ্ধান্ত হয় সংসদত।

আনহাতে,বিজেপি সাংসদ বিনয় সহস্ত্ৰবুদ্ধেই ৰাজ্যসভাত ভাষণ প্ৰদান কৰাৰ পাছতেই কৰ’নাত আক্ৰান্ত হয়। অৱশ্যে অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ কৰ’না নিগেটিভ পোৱা গৈছিল তেওঁৰ । ঠিক তেনে ধৰণে নিতিন গাডকাৰী আৰু প্ৰহ্লাদ পেটেলৰ শৰীৰত কৰ’না পোৱা গৈছে।

কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে বুধবাৰে টুইটাৰ যোগে কৰ’নাত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰে।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

উল্লেখযোগ্য যে সংসদৰ বৰ্ষাকালীন অধিবেশন ১৪ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈছে৷ কিন্তু দেশত কৰ’নাত ভয়াৱহতালৈ লক্ষ্য কৰিলে অনাগত দিনত যে আৰু অধিক জন প্ৰতিনিধি কৰ’নাত আক্ৰান্ত হ’ব সেয়া ধূৰুপ।

Exit mobile version