বজালী নিত্যানন্দত আছুৰ ছহিদ বেদী ভাঙিলে দুৰ্বৃত্তই

b26e2247 e53d 4c75 b5ca c5a0f36e3457

বজালীৰ নিত্যানন্দত শুক্ৰবাৰে নিশা সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা l নিশা নিত্যানন্দৰ মধ্য বজালী কনিষ্ঠ মহাবিদ্যালয়ত থকা ছহিদ বেদী ভাঙি থৈ দুৰ্বৃত্তই পলায়ন কৰা ঘটনাই বৃহত্তৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে l দুৰ্বৃত্তই ছহিদ বেদীটো ভাঙি তিনি তৰপকৈ ভাঙি সজাই থৈ যায়৷

উল্লেখযোগ্য যে লোৰ হাতুৰি নাইবা অন্য কিবা সামগ্ৰীৰে পৰিকল্পিতভাৱে আছুৰ বেদীটো এনেদৰে ভাঙি থৈ যোৱা বুলি ধাৰণা কৰা হৈছে l ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ৰাতিপুৱা এই বিষয়ে মহাবিদ্যালয় কৰ্তৃপক্ষই অৱগত হৈ বিষয়টো নিত্যানন্দ আছু কৰ্তৃপক্ষক জনায় l লগে লগে ঘটনাস্থলীত আছুৰ সদস্যসকল উপস্থিত হৈ ঘটনাত দুখ প্ৰকাশ কৰাৰ লগে লগে বিষয়টো অনুসন্ধানত নামি পৰে l

একেলগে আছুৰ তৰফৰ পৰা এই সন্দৰ্ভত পাটাছাৰকুছি থানাত অৱগত কৰা হয় l দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ বাবেও আছুয়ে হুঙ্কাৰ প্ৰদান কৰিছে l ঘটনাৰ খবৰ পাই লগে লগে পাটাছাৰকুছি থানাৰ বিষয়া চন্দন গোস্বামীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে আৰু দোষীক কৰায়ত্ব তদন্ত চলাই যাব বুলি আশ্বাস প্ৰদান কৰে l

Exit mobile version