NIA য়ে গ্ৰেপ্তাৰ কৰিলে অল কায়দাৰ নজনকৈ সন্ত্ৰাসবাদী

Al Qaeda terrorists arrested

NIA য়ে গ্ৰেপ্তাৰ কৰিছে অল কায়দাৰ নজনকৈ সন্ত্ৰাসবাদী ৷

পশ্চিমবংগ আৰু কেৰেলাৰ পৰা নজনকৈ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে NIAয়ে ৷

অল কায়দাৰ সন্ত্ৰাসবাদী দলটোৱে ভাৰতত যিকোনো মূহুৰ্ততে সাধাৰণ জনগণক হত্যা কৰাৰ অভিসন্ধি কৰিছিল ।

ইয়াৰ পাছত NIA য়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি পশ্চিম বংগৰ পৰা ৬ জন আৰু কেৰেলাৰ পৰা ৩ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে NIAয়ে RC-31/2020/NIA/DLI ত গোচৰ দাখিল কৰিছে।

NIAৰ গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীৰ নাম হৈছে মুৰশ্বিদ হাছান,ইয়াকুব বিশ্বাস,মশ্বাৰফ হুচেইন,নাজমুছ চাকিব,আবু চুফিয়ান,মাইনূল মণ্ডল,লিও ইয়েন আহমেদ,আলি মামুন কমল,আতিতুৰ ৰহমান ৷

সন্ত্ৰাসবাদীকেইজনক এন আই এ নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version