NSCN-IM ৰ কঠোৰ স্থিতি

pic

পৃথক সংবিধান আৰু পতাকাৰ অবিহনে কেন্দ্ৰীয় চৰকাৰৰ লগত নগা শান্তি চুক্তি হ’বই নোৱাৰে। এই মন্তব্য কৰে নগা বিদ্ৰোহী সংগঠন NSCM-IM য়ে ।

এই সন্দৰ্ভত ডিমাপুৰত NSCM -IM ৰ মুখ্য কাৰ্যালয় হেব্ৰ’নত হোৱা বৈঠকত “নাগা লোকসকলৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰ” আৰু ভাৰত-নাগা ৰাজনৈতিক বাৰ্তা আদিৰ সন্দৰ্ভত আলোচনা কৰা হয়।

ইফালে সংগঠনটোয়ে এক প্ৰেছ বিবৃতিত কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু NSCN-IM ক ২০১৫ ৰ ৩ আগষ্টত স্বাক্ষৰিত হোৱা ঐতিহাসিক ফ্ৰেমবৰ্ক আধাৰত চূড়ান্ত চুক্তিখন আগুৱাই নিব লাগে ৷

অন্যহাতে ইতিমধ্যে নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ অবিহনেই NSCN- IM ৰ উচ্চ স্তৰীয় লোকসকল নতুন দিল্লীত এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বাহৰ পাতি আছে ৷

Exit mobile version