কৰ’নাৰ পিছতে চীনত Brucellosis ৰ সংহাৰী ৰূপঃ আক্ৰান্ত হৈছে ৩০০০ লোক

62431d8e 8c13 4a0f 857b 0813017a09eb

কৰ’নাৰ সংহাৰী ৰূপ মাৰ নাযাওতেই চীনত পুনৰ আৰম্ভ হৈছে Brucellosisৰ ভাইৰাছ ৷ চীনত এই ভাইৰাছত এই পৰ্যন্ত প্ৰায় ৩ হাজাৰ লোক আক্ৰান্ত হৈছে । এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰণালয়ৰ মত অনুসৰি Brucellosis ভাইৰাছ জীৱ জন্তুৰ লগত সংস্পৰ্শলৈ আহিলে আক্ৰান্ত হয় । ইয়াক মাল্টা ফিভাৰ বুলি কোৱা হয় ।

চীনৰ চৰকাৰী ৱেবছাইট গ্ল’বেল টাইমছৰ মতে “এই বেক্টেৰিয়া Brucellosisৰ ভেকচিনৰ পৰাই উৎপত্তি হৈছে । ইয়াৰ পাছত বেক্টেৰিয়া বতাহত বিয়পি পৰি মানুহৰ দেহলৈ সংক্ৰমণ হয় ।” সম্প্ৰতি চীনে সকলোকে এই বেক্টেৰিয়াৰ লগত যুঁজিবলৈ সাজু হ’বলৈ কৈছে । লগতে ১১ খন হস্পিতালত Brucellosisত আক্ৰান্ত হোৱা ৰোগীক বিনামূলীয়াকৈ চিকিৎসা কৰিবলৈ নিৰ্দেশ দিছে ৷

১৯৮০ত চীনত Brucellosis সাধাৰণ অসুখ আছিল যদিও সম্প্ৰতি এই অসুখ গম্ভীৰতাৰ দিশে গতি কৰিছে । আনহাতে আমেৰিকাৰ CDCৰ মতে Brucellosis এজনৰ পৰা আন এজনৰ দেহলৈ সংক্ৰমিত নহয় । কিন্তু আক্ৰান্ত ৰোগীৰ খাদ্য গ্ৰহণ কৰিলে এই ৰোগ বিয়পি পৰে ৷ Brucellosis বেক্টেৰিয়াৰ পৰা হোৱা এটা বেমাৰ । এই বেক্টেৰিয়া বিভিন্ন পশু, ছাগলী, কুকুৰ আদিৰ পৰা সংক্ৰমিত হয় ।

এই ৰোগত আক্ৰান্ত পশুৰ সংস্পৰ্শলৈ আহিলে যিকোনো Brucellosisত আক্ৰান্ত হ’ব পাৰে ৷ লগতে সংক্ৰমিত পশুৰ মাংস খালেও এই ভাইৰাছত আক্ৰান্ত হয় । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ভাইৰাছ সকলোতকৈ ভয়াৱহ ৰূপ তেতিয়াই ল’ব যেতিয়াই সংক্ৰমিত পশুৰ গাখীৰ মানুহে খাব ।

Brucellosisত আক্ৰান্ত হ’লে শৰীৰত জ্বৰ, ঘামি যোৱা, মূৰৰ বিষ, মাংসপেশীৰ বিষ, ভোক নলগা আদিৰ লক্ষণ দেখা যায় ৷ কিছুমান লক্ষণ দীঘলীয়া সময়ৰ কাৰণেও দেখা যায়।

Exit mobile version