বিশেষ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ কৰ’নাৰ পৰা সুস্থ হৈ উঠিল মালাইকা

Screenshot 122 1

৭ ছেপ্টেম্বৰত বলিউদৰ অভিনেত্ৰী মালাইকা আৰোৰাৰ দেহত ধৰা পৰিছিল কৰ’না পজিটিভ। প্ৰায় ১২ দিনৰ অন্তত সুস্থ হৈ উঠি দেওবাৰে মালাইকাই ইনষ্টাগ্ৰামত কৰ’নাৰ পৰা মুক্তি পোৱা বুলি প্ৰকাশ কৰে ।

অভিনেত্ৰীগৰাকীয়ে মাস্ক পৰিধান কৰি নিজৰ ফটো এখন শ্বেয়াৰ কৰি লিখে যে, ইমান দিনৰ পিছত যিহেতু ৰুমৰ পৰা বাহিৰত ওলাইছে, সেয়ে এয়া আউটিংৰ দৰে অনুভৱ হৈছে।

উল্লেখ্য যে, অভিনেত্ৰীগৰাকীৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ পাছতে নিজকে সকলোৰে আঁতৰাই ৰাখি মুম্বাইস্থিত ঘৰত হোম আইছ’লেচনত ৰাখিছিল । এই চিন্তাৰ পৰা মুক্ত কৰাৰ বাবে যিখিনি সহায় বা সমৰ্থন আগবঢ়ালে তাৰ বাবে পৰিয়ালকে ধৰি সকলো বন্ধু তথা ওচৰ চুবুৰীয়া, অনুৰাগী, বিএমচি আৰু সেৱা আগবঢ়োৱা চিকিৎসকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোকে নিৰাপদে থাকিবলৈ আৰু নিজৰ যত্ন ল’বলৈ কয় মালাইকাই ।

হোম আইছ’লেচনত থাকি অভিনেত্ৰীগৰাকীয়ে নিজ পুত্ৰ আৰহান আৰু পোহনীয়া কুকুৰ ক্যাস্পাৰৰ লগত কেনেদৰে যোগাযোগত আছিল তাৰো এক ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে chaiyya chaiyaa আৰু munni badnam hui গানকেইটাত নচাৰ পিছতে বহু জনপ্ৰিয় হৈ পৰিছিল । আনহাতে, Nach Baliye, India’s Best Dancer, Jhalak Dikhla Jaa, India’s Next Top Model ৰ দৰে বহুকেইটা টেলিভিছনৰ ৰিয়েলিটি শ্ব’ত বিশিষ্ট বিচাৰকৰ ৰূপত দেখিবলৈ পোৱা যায় মালাইকা আৰোৰাক ।

Exit mobile version