ভূপালত কৰ’নাত আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত ৬০ শতাংশই হ’ল গেছ দূৰ্ঘটনাৰ সন্মুখীন হোৱা লোক

lockdown 13 20200415 630 630

১৯৮৪ ত ইউনিয়ন কাৰ্বাইডত বিষক্ৰিয়াত জীৱিত থকা শিশুৰ লগত কাম কৰা সংগঠনে ভূপাল মেমোৰিয়েল হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ ওপৰত চিকিৎসাৰ হেমাহি হোৱা বুলি অভিযোগ কৰিছে ৷ কাৰণ বিগত ১৫ দিনত ৱৱচিকিৎসালয়ৰ পৃথক পৃথক ৱাৰ্ডত ছয়জন বিষাক্ত গেছৰ ফলত চিকিৎসাধীন হৈ থকা ৰোগী ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিয়োজিত এক বিশেষ সমিতিয়ে লিখা এখন বিশেষ পত্ৰত ভূপালত কাৰ্বাইডৰ ফলত আক্ৰান্ত হোৱা লোকৰ বিশেষ উল্লেখ কৰিছে ৷ আনহাতে সংগঠনৰ মতে চিকিৎসালয়ত ক’ভিড-১৯ চিকিৎসাৰ বাবে কোনো পৃথককৈ চিকিৎসকও নাছিল ।

আনহাতে BMHRC হ’ল ভূপাল গেছ দূৰ্ঘটনাৰ সন্মূখীন হোৱা লোকসকলৰ চিকিৎসাৰ কাৰণে নিৰ্মাণ কৰা এখন চিকিৎসালয় । বৰ্তমান এই চিকিৎসালয়খনক ICMR ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছে । এই সন্দৰ্ভত নবাব খান নামৰ এজন লোকৰ মতে “আমাৰ পত্ৰখনত স্পষ্ট ৰূপত লিখা আছে যে যেতিয়ালৈকে ICMR ৰ দ্বাৰা তৎকালীন সিদ্ধান্ত লোৱা নহয়, তেতিয়ালৈকে ভূপালত বহু লোক কৰ’নাত আক্ৰান্ত হ’ব আৰু মৃত্যু হ’ব ।” ভূপালত কৰ’নাত আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত ৬০ শতাংশই হ’ল গেছ দূৰ্ঘটনাৰ সন্মুখীন হোৱা লোক ।

সংগঠনটোৱে লগতে কয় যে ক’ভিড-১৯ পজিটিভ লোকসকলকো গেছ দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোকসকলৰ লগত আইছ’লেছন কক্ষত ৰখা হৈছে ।আৰু যিসকল লোকৰ আই চি ইউ, নিউৰ’লজি, গেষ্ট্ৰো আদি সমস্যা আছে  ।তেওঁলোকক চিকিৎসালয়ত সোমাবলৈ দিয়া হোৱা নাই ।

ভূপালৰ গেছ দুৰ্ঘটনাৰ সন্মুখীন হোৱা ৰশীদা দেৱীয়ে কয় যে BMHRC ৰ আদেশ মূলতে গেছ দূৰ্ঘটনাৰ সন্মুখীন হোৱা লোকসকলৰ কাৰণেহে ৷ কিন্তু এই ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষই অৱজ্ঞা কৰিছে ৷ ICMR য়ে সমগ্ৰ দেশত কৰ’নাৰ কাৰণে সূচাৰূপে কাম কৰাৰ পৰিৱৰ্তে ভূপালত বিশেষ সফলতা লাভ কৰা নাই ৷

আনহাতে ভূপালত সম্প্ৰতি কৰ’নাত আক্ৰান্ত ৰোগীসকলৰ কাৰণে অক্সিজেন আৰু ICU সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে ৷ এফালে গেছ দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোকসকল আৰু ইয়াৰ বিপৰীতে কৰ’না মহামাৰী এই দুয়োটা পৰিস্থিতিৰ কাৰণে BMHRC সাজু থাকিব লাগে।

Exit mobile version