অনুৰাগ কাশ্যপৰ যৌন নিৰ্যাতনৰ অভিযোগৰ সন্দৰ্ভত এইবাৰ মুখ খুলিলে প্রাক্তন পত্নীয়ে

Anurag Kashyaps ex wives Kalki Koechlin and Aarti Bajaj write supportive

বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে হিন্দী, দক্ষিণৰ লগতে পঞ্জাৱী ছবিৰ অভিনেত্ৰী পায়েল ঘোষে যৌন নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । দেওবাৰে টুইটাৰযোগে পৰিচালকজনে এই অভিযোগ নস্যাৎ কৰাৰ পাছতেই এইবাৰ এই সন্দৰ্ভত মুখ খুলিলে অনুৰাগৰ প্ৰাক্তন পত্নী কল্কি কোচলিন আৰু আৰতি বাজাজে ।

২০০৩ৰ পৰা ২০০৯ লৈকে আৰতি বাজাজ আৰু ২০১১ৰ পৰা ২০১৫ লৈকে অনুৰাগ কাশ্যপৰ স’তে বিবাহৰ সম্পৰ্কত আছিল কল্কি কোচলিন । দুয়োগৰাকী প্ৰাক্তন পত্নীয়ে অনুৰাগক সমৰ্থন কৰি ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰে ।

পোষ্টটিত কল্কিয়ে লিখে যে, ‘প্রিয় অনুৰাগ, ছ’চিয়েল মিডিয়াৰ এইসমূহ বিষয়ত আপুনি প্ৰভাৱিত নহ’ব । আপুনি আপোনাৰ স্ক্ৰীপ্টত মহিলাৰ স্বাধীনতাক অগ্ৰাধিকাৰ দি যুজঁ দিছে । নিজৰ পেছাদাৰী কৰ্মক্ষেত্ৰৰ লগতে ব্যক্তিগত জীৱনতো আপুনি মহিলাৰ নাৰীৰ সন্মান ৰক্ষা কৰিছে ।’

উল্লেখ্য যে, কল্কি কোচলিনে ২০০৯ত অনুৰাগ কাশ্যপৰ ছবি ‘DevD’ ৰ যোগেদি বলিউদত খোজ দিছিল । পৰিচালকজনৰ স’তে ‘That Girl in Yellow Boots’, Netflixৰ ‘Sacred Games 2’ৰ দৰে ছবিত কাম কৰা অভিজ্ঞতাৰ অনুভৱ প্ৰকাশ কৰি লিখে যে, ‘ব্যক্তিগত আৰু কৰ্মক্ষেত্ৰত আপুনি মোক সমান চকুৰে চাইছিল, মই নিজেই তাৰ সাক্ষী। আমাৰ বিচ্ছেদৰ পাছতো আপুনি মোৰ সমৰ্থনত থিয় দিছিল ।’ আৰু শেষত লিখে যে, “Love From an ex-wife.”

আনহাতে, অনুৰাগৰ প্ৰথম পত্নী আৰতি বাজাজেও ইতিমধ্যে অনুৰাগক সমৰ্থন কৰি মুখ খুলিছে । আৰতীৰ অভিযোগ, অনুৰাগৰ বিৰুদ্ধে এয়া কোনো ষড়যন্ত্ৰ । লগতে আৰতীয়ে অনুৰাগক এই ঘটনাৰ বিৰুদ্ধে যুঁজ দি যাবলৈ কয় ।

Exit mobile version