বিটিচিত ৰাজ‍্যপালৰ শাসনৰ সময় শেষ হোৱাৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী সাংসদ নৱ কুমাৰ শৰণীয়াৰ

WhatsApp Image 2020 09 21 at 11.19.22 AM

বিটিচি পৰিষদীয় নিৰ্বাচন পিচুৱাই দিয়াৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগৰ ওচৰত আবেদন জনোৱাৰ পিচতে প্ৰতিক্ৰিয়া ব‍্যক্ত কৰিছে কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াই ।

সাংসদ জনে কয় যে অসম চৰকাৰে বিটিচি নিৰ্বাচন পিচুৱাই দিয়াৰ বাবে যি আবেদন কৰাৰ কথা প্ৰকাশ পাই সেই সন্দৰ্ভত সাংসদ জনে কয় যে বিটিচি পৰিষদীয় নিৰ্বাচনৰ সকলো কাম সম্পূৰ্ণ হৈ উঠিছে । যিহেতু তলাবন্ধ বা আনলক প্ৰক্ৰিয়া চলি আছে সেয়ে স্বাস্থ‍্য বিভাগৰ নিয়ম অনুসৰি অতি সোনকালে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনায় ।

পিচুৱাই দিয়াৰ সলনি নিৰ্বাচন অনুষ্ঠিত কৰিলে সমস‍্যা এটাৰ সমাধান হয়। ৰাজ‍্যপালৰ শাসনৰ ছমাহ শেষ পোৱাৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষপাতী সেই সাংসদ জন । বিটিচিত অধিক সময় ৰাজ‍্যপালৰ শাসন বলবৎ থাকিলে অইন পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সন্দেহ কৰে সাংসদ জনে ।

তেওঁ অসম চৰকাৰৰ গৃহ বিভাগৰ ওচৰত দৃষ্টি আকৰ্ষণ কৰি কয় যে, চৰকাৰী পক্ষৰ বিভিন্ন ৰাজনৈতিক দলৰ মন্ত্ৰী বিধায়কে ক’ভিডৰ বিধি উলংঘা কৰি জন সমাগমেৰে যাতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি সাধাৰণ জনতাক ভুল পথে পৰিচালিত কৰিব নোৱাৰে, সেই ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায় ।

Exit mobile version