মাদকদ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত ছাৰাৰ লগতে জড়িত নেকি শ্ৰদ্ধা কাপুৰ ?

Shraddha Sara e1600673099545

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত মাদক দ্ৰব্য সৰবৰাহৰ প্ৰসংগও জড়িত হৈ পৰিছে । শেহতীয়াকৈ প্ৰকাশ পোৱা অনুসৰি মাদক দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানৰ লগতে শ্ৰদ্ধা কাপুৰৰ নামো জড়িত হৈ পৰিছে ৷ NCB য়ে এই সন্দৰ্ভত শ্ৰদ্ধা কাপুৰকো সোধ পোছ কৰিব পাৰে ।

প্ৰাপ্ত খবৰ অনুসৰি মাদক দ্ৰব্য সৰবৰাহ আৰু সেৱনৰ সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীয়ে ছাৰা আৰু শ্ৰদ্ধা কাপুৰৰ নাম উল্লেখ কৰিছে ৷ NCB য়ে ৰিয়াক ২ দিন সোধপোছৰ পিছত ৮ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰে ৷ ৰিয়া সম্প্ৰতি মুম্বাইৰ ভায়খলা কাৰাগাৰত আৱদ্ধ ৷

আনহাতে ৰিয়াৰ জামিন আবেদন এতিয়ালৈকে দুবাৰ নাকচ কৰা হৈছে। ৰিয়াৰ বিৰুদ্ধে অভিযোগ যে তেওঁ সুশান্তৰ কাৰণে মাদকদ্ৰব্য যোগান ধৰিছিল । মাদকদ্ৰব্যক সৰবৰাহক লৈ NCB য়ে ৰিয়াৰ লগতে ভাতৃ সৌভিক চক্ৰৱৰ্তী আৰু অন্যান্য ২০ জন লোকক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ ভিতৰত সুশান্তৰ কৰ্মচাৰী আৰু কিছুমান মাদকদ্ৰব্য সৰবৰাহকাৰীও অন্তৰ্ভূক্ত আছে।

ৰিয়াৰ whatsapp মেচেজ পৰীক্ষা কৰা পাছত এই লোকসকলৰ কথা NCB য়ে জানিব পাৰে ৷ ইপিনে সংবাদমাধ্যমৰ তথ্য অনুসৰি ৰিয়াই মাদকদ্ৰব্য সেৱনৰ সন্দৰ্ভত শ্ৰদ্ধা আৰু ছাৰাৰ উপৰিও বলীউডৰ ২৫ গৰাকী চেলিব্ৰেটীৰ নাম উল্লেখ কৰিছে ৷

আনহাতে সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদী আৰু জয়া সাহাক আজি NCB য়ে সোধপোচ কৰিব ৷ বিগত সপ্তাহত NCB ৰ এজন বিষয়াৰ শৰীৰত ক’ভিড-১৯ হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰুতি আৰু জয়াক আজি মাদকদ্ৰব্যৰ সন্দৰ্ভত সোধ পোছ কৰিব ।

Exit mobile version