সংসদত চৰকাৰৰ মন্তব্যঃ তবলিগী জামাতৰ পৰা বহু লোক আক্ৰান্ত হৈছিল কৰ’নাত

Tablighi

কৰ’না ভাইৰাছ সংক্ৰমণৰ পাছত বিভিন্ন বিষয়াৰ দ্বাৰা জাৰি কৰা আদেশৰ পাছতো চলিত বৰ্ষৰ মাৰ্চত তবলিগী জামাতে আয়োজন কৰা কাৰ্যসূচীৰ দ্বাৰা বহু লোক কৰ’না ভাইৰাছত আক্ৰান্ত হয় । আজি এই সন্দৰ্ভত চৰকাৰে সংসদত সদৰী কৰে এই তথ্য ৷

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কৃষাণ ৰেড্ডীয়ে ৰাজ্যসভাত লিখিত ভাৱে কয়, “দিল্লী আৰক্ষীৰ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা নিৰ্দেশনাৰ পাছতো মাস্ক পৰিধান নকৰাকৈ, চেনিটাইজাৰ ব্যৱহাৰ নকৰি আৰু সামাজিক দূৰত্ব বৰ্তাই নাৰাখি বহু লোক একত্ৰিত হৈছিল । ইয়াৰ কাৰণে বহু লোক কৰ’নাত আক্ৰান্ত হয় ।”

দিল্লীত নিজামুদ্দিন মাৰ্কাজত তবলিগী জামানতৰ ফালৰ পৰা আয়োজন কৰা ধাৰ্মিক কাৰ্যসূচীত বিভিন্ন ৰাজ্যত হাজাৰ হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছিল । ইয়াৰ দ্বাৰা তবলিগী জামাতত অংশ লোৱা লোকসকলৰ উপৰিও তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোক সকলো কৰ’নাত আক্ৰান্ত হৈছিল ।

অন্যহাতে এই সন্দৰ্ভত গৃহমন্ত্ৰণালয়ে কয় যে, দিল্লী আৰক্ষীয়ে ২৯ মাৰ্চত তবলিগী জামাতৰ অনুষ্ঠান হোৱা ঠাইৰ পৰা ২,৩৬১ জন লোকক উদ্ধাৰ কৰে । গৃহ ৰাজ্যমন্ত্ৰীয়ে কয় যে দিল্লী আৰক্ষীয়ে জামাতৰ ২৩৩ জন লোকক গ্ৰেপ্তাৰ কৰে । অৱশ্যে তবলিগি জামাতৰ মুখ্য মৌলানা চাদৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷

দিল্লী আৰক্ষীয়ে ৩৬ খন দেশৰ ৯৫৬ জন বিদেশী নাগৰিকৰ বিৰুদ্ধে এতিয়ালৈকে ৫৯ অভিযোগ পত্ৰ দাখিল কৰে । কেন্দ্ৰীয় চৰকাৰে জামাতত অংশ লোৱা বিদেশী নাগৰিকক ভিছা বাতিল কৰে আৰু তেওঁলোকক ব্লেকলিষ্টেডৰ তালিকাত অন্তৰ্ভুক্ত কৰে  ৷

Exit mobile version