সংসদৰ পৰা আঠজন সাংসদক নিলম্বন কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

mamata 890299 1600596403

কৃষি বিধেয়কক লৈ ৰাজসভাৰ পৰা আঠজনকৈ সাংসদক নিলম্বন কৰাৰ পাছতে চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰিছে মমতা বেনাৰ্জীয়ে ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইট কৰি কয়, “আঠজন সাংসদক নিলম্বন কৰা কথাটো অতিশয় দুৰ্ভাগ্যজনক । এইয়া চৰকাৰৰ অসংবেদনশীল কাৰ্যকলাপ ৷ ইয়াৰ পৰা প্ৰমাণ হয় চৰকাৰে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নাৰাখে । আমি সংসদৰ লগতে পথটো ইয়াৰ বিৰুদ্ধে যুঁজ কৰি যাম ৷”

উল্লেখযোগ্য যে, কৃষি বিধেয়কক লৈ ৰাজ্যসভাত সৃষ্টি কৰা উত্তপ্ত পৰিবেশৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ ব্ৰায়নৰ সহিতে সাতজন বিৰোধী সাংসদক আজি নিলম্বন কৰা হয় ৷

আনহাতে যিসকল সাংসদক নিলম্বন কৰা হ’ল তেওঁলোকৰ ভিতৰত আছে তৃণমূল সাংসদ ডেৰেক অ’ ব্ৰায়ন, সঞ্জয় সিং, ডোলা সেন, ৰাজীৱ চাটব, ৰিপুন বৰা আদি ।

এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতি ভেংকয়া নাইডুয়ে কয়, “কালি যি ঘটনা সংঘটিত হ’ল তাক লৈ মই দুখ প্ৰকাশ কৰিছো । একাংশ সদস্যই উপসভাপতিৰ কাগজ ফালি পেলায়  ৷ উপসভাপতিৰ মতে অশ্লীল শব্দও কয় ৷”

নাইডুয়ে লগতে কয় যে সংসদৰ মাইকক ভঙাটো নিন্দাজনক ঘটনা ৷ ইপিনে ইয়াৰ পূৰ্বে এক বিশেষ সূত্ৰৰ মতে পোৱা তথ্য অনুসৰি চৰকাৰে ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা সকলৰ বিৰুদ্ধে ২৫৬ৰ আধাৰত তদন্ত কৰিব পাৰে ৷

আনহাতে দেওবাৰে বিৰোধীৰ একাংশ সাংসদে সংসদত চৰকাৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ সঞ্জয় সিং আৰু ৰাজীৱ চাটবে অধ্যক্ষৰ সন্মুখতে টেবুলতে উঠি যায় । ডেৰেক অ’ ব্ৰায়নে সংসদৰ নীতি-নিয়ম উলংঘা কৰে ।

একাংশ সাংসদে আসনত লগোৱা মাইক ভাঙি দিয়ে ৷ একাংশই আকৌ কৃষক বিধেয়ক ফালি পেলায় । ইয়াৰ পিছতে এইসকল সাংসদৰ বিৰুদ্ধে চৰকাৰ সৰৱ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে ।

Exit mobile version