“প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ” IIT, IIM আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অনুদান

Narendra Modi PT

ৰাজহুৱা ক্ষেত্ৰৰ কোম্পানীৰ পাছত এইবাৰ নবোদয় বিদ্যালয়, IIT, IIM আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলৰ বেতনৰ পৰা প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজি (PM CARES) লৈ ২১.৮১ কোটি টকা প্ৰদান কৰিছে  ৷ অৱশ্যে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিক চোৱা চিতা কৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত কয় যে “RTI আইনৰ অনুসৰি প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজি কোনো ৰাজহুৱা সম্পদ নহয় ।”

কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ২০২০ ৰ ৩১আগষ্টলৈকে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিত জমা হয় ৩,০৭৬.৬২কোটি টকা । আনহাতে কাৰ্যালয়ৰ ৱেবছাইটৰ মতে “Voluntary Contributions”ৰ পৰা সাহাৰ্য লাভ কৰে ৩,০৭৫.৮৫ কোটি টকা ।

ইফালে, নবোদয় বিদ্যালয় সমিতিয়ে অকলেই প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ প্ৰদান কৰে ৭.৪৮ কোটি টকা । ১১ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে প্ৰদান কৰে ৩.৩৯ কোটি টকা । ইয়াৰ ভিতৰত আলিগড় মুছলিম বিশ্ববিদ্যালয়ে ১.৩৩ কোটি টকা প্ৰদান কৰে ৷ ইয়াৰ পাছতে বানাৰস হিন্দু বিশ্ববিদ্যালয়ে ১.১৪ কোটি আৰু দিল্লীস্থিত কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে দিয়ে ২৭.৩৮ লাখ টকা ২০ খন IIT য়ে প্ৰদান কৰে ৫.৪৭ কোটি টকা ।

IIT খৰাগপুৰে দিয়ে ১কোটি টকা, লগতে বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰদান কৰা হয় ৩৬.২২লাখ, পেঞ্চন লাভ কৰি ব্যক্তিসকলৰ পৰা পোৱা যায় ৮৯,১৮৪ টকা । ঠিক তেনেকৈ IIT কানপুৰে প্ৰদান কৰে ৪৭.৭১ লাখ । ১০ খন IIM য়ে প্ৰদান কৰে ৬৬ লাখ টকা । ৯ খন NIT য়ে প্ৰদান কৰে ১.০১ কোটি টকা ৷

ইয়াৰ ভিতৰত মনিট ভূপালে সকলোতকৈ বেছি ধন প্ৰদান কৰে ৷ মনিট ভূপালে ২১.৭৫ লাখ প্ৰদান কৰে । ইপিনে IISc বেংগালুৰুৱে প্ৰদান কৰে ২৫.৬৪ লাখ । অন্যান্য প্ৰতিষ্ঠানসমূহৰ লগতে NCERTয়ে প্ৰদান কৰে ৩৫.২২লাখ টকা ৷

Exit mobile version