বঙাইগাঁও জিলাৰ বইটামাৰীত আৰক্ষীৰ অভিযানত OWNREX নামৰ নিষিদ্ধ কফ চিৰাপৰ ৩,৯০০ টা বটল জব্দ

WhatsApp Image 2020 09 22 at 8.38.07 PM

বঙাইগাঁও জিলাৰ বইটামাৰীত আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ । আজি দুপৰীয়া গুৱাহাটীৰ পৰা এএচ২৫এচি-১০১৩ নম্বৰ গাড়ীৰে অনা ঔম লজিষ্টিক নামৰ ট্ৰানছপৰ্টৰ বাহনত জব্দ হয় এই দ্ৰব্যখিনি ।

 

গুৱাহাটীৰ পৰা ধুবুৰী জিলাৰ চাপৰলৈ সৰবৰাহ কৰা ঔষধখিনিৰ ভিতৰত OWNREX নামৰ নিষিদ্ধ ৩,৯০০ টা কফ চিৰাপ জব্দ হয় । লগতে ঔষধ সৰবৰাহৰ স’তে জড়িত দুজনক আটক কৰে বইটামাৰী আৰক্ষীয়ে । আটকাধীন দুজনৰ নাম পানেশ্বৰ নাৰ্জাৰী আৰু ৰূপম দাস ৷

প্ৰায়েই এইদৰে ৰাষ্ট্ৰীয় ঘাই পথেৰে সৰবৰাহ হয় নিচাজাতীয় নিষিদ্ধ ঔষধৰ লগতে অন‍্যান‍্য অত‍্যাৱশ্যকীয় ঔষধ সৰবৰাহ কৰে দুষ্টচক্ৰই। স্থানীয় ৰাইজৰ অভিযোগ যে যুৱ প্ৰজন্মক নিচাজাতীয় ঔষধ খুৱাই ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ চেষ্টা কৰিছে ড্ৰাগচ মাফিয়াই ।

Exit mobile version