বিশ্ব গঁড় দিৱসৰ দিনাই ‘নেচনেল জিঅ’গ্ৰাফী’ ত মুকলি হ’ল কেভিন পিটাৰচনৰ ‘ছেভ ডিছ ৰাইন’- ইণ্ডিয়া’

IMG 20200922 WA0042

বিশ্বৰ বন্যপ্ৰাণীৰ মানচিত্ৰত পুনৰবাৰ এক সুকীয়া ৰূপত উপস্থাপন হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰৰ অসম গৌৰৱ এশিঙিয়া গঁড় ৷ আজিৰ বিশ্ব গঁড় দিৱসৰ এই বিশেষ দিনটোতে নেচনেল জিঅ’গ্ৰাফীৰ ‘নেট জিঅ’ ৱাইল্ড’ নামৰ অান্তঃৰাষ্ট্ৰীয় টিভি চেনেলটোত মুকলি হৈ দুবাৰকৈ সম্প্ৰচাৰিত হ’ল ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰচনৰ ‘ছেভ ডিছ ৰাইন’- ইণ্ডিয়া’ নামৰ তথ্যচিত্ৰখন ৷

কেভিন পিটাৰচনৰ তথ্য চিত্ৰখনৰ মূল বিষয়বস্তু হৈছে বিশ্ববিখ্যাত অসম গৌৰৱ এশিঙীয়া গঁড়ক বিশ্বৰ আগত তুলি ধৰি এক সঁচা ছবি প্ৰদৰ্শন কৰা । উল্লেখ্য যে, প্ৰাক্তন ইংলেণ্ড দলৰ ক্ৰিকেটাৰগৰাকীয়ে ইতিপূৰ্বে আফ্ৰিকাৰ গঁড়ৰ ওপৰতো সংৰক্ষণ ব্যৱস্থা কৰি আহিছে ।

এই তথ্যচিত্ৰখনি নিৰ্মাণৰ সময়ছোৱাত পিটাৰচনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি থলুৱা লোকৰ লগত মত বিনিময় কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন দিশৰ বুজ লৈ কলিয়াবৰৰ আমগুৰিৰ অন্যতম পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ‘চাৰেণ অহম’ নামৰ জনজাতীয় গাঁওখনৰ পাহাৰটিলাত থলুৱা খাদ্যৰ জুতি লয় ৷

ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ লগতো মত বিনিময় কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কেভিন পিটাৰচনৰ চলিত বৰ্ষৰ চাৰি মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি ১২ মাৰ্চত চিত্ৰগ্ৰহণৰ কাম শেষ কৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিদায় লৈছিল ৷

উল্লেখযোগ্য যে, মাত্ৰ ১৪ টা গঁড়ৰে ১৯০৫ত আৰম্ভ হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সংৰক্ষণ প্ৰক্ৰিয়া ৷ বৰ্তমানে ৰাষ্ট্ৰীয় উদ্যানখন প্ৰায় তিনিহাজাৰ এশিঙিয়া গঁড়ৰ বসতিস্থল । সোমবাৰে টুইটাৰত এক টুইট যোগে আজি গঁড় দিৱসৰ দিনাই তথ্যচিত্ৰখনি মুকলিৰ খবৰ দি পিটাৰচনে কয়, “মই অধিক সময় গঁড় সংৰক্ষণ কৰাৰ বাবেই নিজকে নিয়োজিত কৰো আৰু এইটোৱে মোৰ উদ্দেশ্যে ।”

উল্লেখযোগ্য যে মাৰ্চ মাহত ক্ৰিকেটাৰ পিটাৰচনে কাজিৰঙাৰ গঁড়ৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ বাবে এটা শ্বুটিং ইউনিটসহ উপস্থিত হৈছিল কাজিৰঙাত ৷ প্ৰায় দুসপ্তাহ ধৰি কাজিৰঙাত বাহৰ পতা পিটাৰচনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ জনজীৱন তথা থলুৱা কৃষ্টিৰো চিত্ৰগ্ৰহণ কৰিছিল ৷

বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ লগত ক্ৰিকেট খেলাৰ পৰা আৰম্ভ কৰি বজাৰৰ দৃশ্যও বন্দী হৈছিল পিটাৰচনৰ কেমেৰাত ৷ ইয়াৰ পিছতে চিত্ৰগ্ৰহণ সমাপ্ত কৰি নিজ দেশলৈ উভতি যোৱা পিটাৰ্ছনে প্ৰায় ছমাহৰ পিছত আজি মুকলি কৰে তথ্যচিত্ৰখন ৷

আনহাতে বিশ্ব গঁড় দিৱসৰ দিনা মুকলি হোৱা তথ্যচিত্ৰখনক লৈ সন্তোষ প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগৰ লগতে প্ৰশাসনে ৷ কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগতে পিটাৰচনে কলিয়াবৰৰ ‘চাৰেন আহম’ নামৰ থলুৱা খাদ্যৰ জুতি পোৱা ৰেষ্টুৰেণ্টখনত গ্ৰহণ কৰিছিল থলুৱা খাদ্যসম্ভাৰ ৷ পাৰ কৰিছিল বহু সময় ৷

বিশ্বৰ মুঠ পাঁচটা গঁড়ৰ প্ৰজাতিৰ ভিতৰত এশিঙীয়া গঁড়ৰ ৭০ শতাংশৰ বিচৰণ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনে খবৰে উৎসাহিত কৰিছে কলিয়াবৰৰ জনসাধাৰণৰ লগতে পৰ্যটনক্ষেত্ৰখনকো ৷  পিটাৰচনে এদিন কটাই থলুৱা আহাৰ গ্ৰহণ কৰি তথ্যচিত্ৰৰ কিছু চিত্ৰগ্ৰহণৰ লগতে আতিথ্যত আপ্লুত হোৱা ‘চাৰেন আহম’ৰ কাৰ্বি জনগোষ্ঠীৰ লোকসকলেও এতিয়া বাট চাইছে তথ্যচিত্ৰখনিৰ জৰিয়তে অান্তঃৰাষ্ট্ৰীয় দূৰদৰ্শনৰ চেনেলত নিজকে এবাৰ চাবৰ বাবে ৷ এয়া নিত্যান্তই এক ইতিবাচক খবৰ ৷

Exit mobile version