হােটেললৈ মাতি পর্যটক ‘গাইড’ক দলবদ্ধ ধৰ্ষণ দিল্লীত

unnamed

ন্যূনতম সুদত ঋণ প্রদানৰ প্রলােভনৰে হােটেললৈ মাতি আনি এগৰাকী মহিলা পর্যটক ‘গাইড’ক দলবদ্ধ ধর্ষণ কৰাৰ গুৰুতৰ অভিযােগ উত্থাপিত হ’ল দিল্লীত । অভিযুক্তসকলৰ মাজত এগৰাকী মহিলাও আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, যােৱা শুকুৰবাৰে ৰাজধানী চহৰখনৰ এখন হােটেলত এই ঘটনা সংঘটিত হৈছিল। দলবদ্ধ ধর্ষণত পীড়িতা মহিলাগৰাকী এগৰাকী ‘টুৰিষ্ট গাইড’ হােৱাৰ লগতে টিকট বুকিং এগজিকিউটিভ হিচাপেও কাম কৰে । মহিলা গৰাকীয়ে আৰক্ষীক জনােৱা মতে, কম সুদত তেওঁক ঋণৰ প্ৰয়ােজন হৈছিল আৰু সেই সূত্রে অভিযুক্তৰ স’তে তেওঁৰ পৰিচয় হৈছিল ।

অভিযুক্তই তেওঁক কম সুদত ঋণ প্রদানৰ প্ৰতিশ্ৰুতিৰে হােটেললৈ মাতি নিছিল আৰু তাতে দলবদ্ধ ধর্ষণ কৰিছিল । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে মূল অভিযুক্ত মনােজ শৰ্মা সহ আন দুজনক ইতিমধ্যে গ্রেপ্তাৰ কৰিছে । আন দুজন অভিযুক্ত সম্প্রতি পলাতক হৈ আছে ।

Exit mobile version