এনআৰচিৰ পুনৰীক্ষণৰ সম্ভাৱনা ক্ষীণ

nrc 5

উন্নীকৰণ NRC ৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সদ্যহতে আৰম্ভ হোৱাৰ কোনো সম্ভাৱনা নাই ।ভাৰত বাংলাদেশ সীমান্তৱৰ্তী জিলাৰ ২০ শতাংশ আৰু ৰাজ্যৰ আন জিলাত NRC ত নাম অন্তৰ্ভুক্ত হোৱা ১০ শতাংশ লোকৰ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সন্মতি প্ৰকাশ কৰিলেও পৰিস্থিতিগত কাৰণতে এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰত জটিলতা আছে।

তদুপৰি NRC ৰ পুনৰীক্ষণ সম্পৰ্কত এই পৰ্যন্ত চৰকাৰে জাৰি কৰা নাই কোনো নিৰ্দেশ ৷গৃহ বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে তলাবন্ধৰ ক্ষেত্ৰত থকা নীতি নিৰ্দেশনাসমূহ পৰ্যায়ক্ৰমে শিথিল হ’লেও ৰাজ্যত অব্যাহত আছে কৰ’নাৰ দ্ৰুত সংক্ৰমণ ৷ফলত ভাৰত বাংলাদেশ সীমান্তৱৰ্তী জিলাকে ধৰি ৰাজ্যৰ অন্যান্য জিলাসমূহত উন্নীতকৰণ NRC পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পন্নৰ বাবে সংশ্লিষ্টসকলৰ শুনানি গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক জটিলতা আছে।

তদুপৰি ৰাজ্যত অব্যাহত থকা কৰ’নাৰ সংক্ৰমণ কেতিয়ালৈ প্ৰতিৰোধ হ’ব সেই সম্পৰ্কত কোনো নিশ্চয়তা নাই ।লগতে ২০২১ৰ ফ্ৰেব্ৰুৱাৰীৰ শেষ সপ্তাহত অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে নিৰ্বাচনী কামত ব্যস্ত হৈ পৰিব ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসন।

ফলত বিধানসভাৰ আসন্ন নিৰ্বাচন সম্পন্ন নোহোৱালৈকে NRCৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কোনো সম্ভাৱনা নাই বুলি সূত্ৰটোৱে স্পষ্ট কৰি দিয়ে ৷ এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্য সম্পূৰ্ণ ৰাজনৈতিক বুলি সূত্ৰটোৱে সদৰী কৰে। প্ৰস্তাৱিত দুশখন বিদেশী ন্যায়াধিকৰণৰ বাবে অসম আৰক্ষীৰ নিযুক্তি বৰ্ডে বিগত বৰ্ষতে বাছনি কৰা বিভিন্ন পদৰ ১৬ শ কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া আজিও সম্পন্ন নকৰিলে চৰকাৰে ৷

ইয়াৰ মাজতে যোৱা ২১ আগষ্টত এছ পি এম ইউ /NRC /CRC/QCNR /৫৫৫/২০১৪/৫৩ক নম্বৰযোগে NRC ৰ শুনানিৰ সময়ত”ডিচপ’জিং অফিচাৰসকলে লিপিবদ্ধ কৰা টোকাসমূহৰ মান পৰীক্ষাৰ বাবে NRC ৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই এই সম্পৰ্কীয় কাম কাজ পহিলা ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ জাৰি কৰে।

লগতে উন্নীতকৰণ NEC প্ৰকাশৰ পূৰ্বে অনুষ্ঠিত শুনানিৰ পাছত ডিছপ’জিং অফিচাৰসকলে লিপিবদ্ধ কৰা টোকাসমূহৰ মান পৰীক্ষাৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যৰ দুই এখন জিলাত ছেগা চোৰোকাকৈ কাম আৰম্ভ হোৱা বুলি তেওঁ কয়। সংশ্লিষ্ট জিলাৰ নিৰ্দিষ্ট ৰাজহ চক্ৰৰ ৰাজহ বিষয়াই ডিচপ’জিং অফিচাৰ”ৰ টোকাৰ মান নিৰূপণ কৰি থকা বুলিও শৰ্মাই উল্লেখ কৰে ৷কৰ’নাৰ ভয়াৱহতাৰ বাবে এই প্ৰক্ৰিয়া সদ্যহতে লেহেম গতিৰে চলি থকা বুলি তেওঁ জনায়।

Exit mobile version