ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫৬ লাখলৈ বৃদ্ধি

1 image Coronavirus MERS CoV

স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা অনুসৰি বিগত ২৪ ঘন্টাত দেশত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৮৩,৫২৭ জন লোক ।আনহাতে মৃত্যু হৈছে ১,০৮৫ জন৷ ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫৬ লাখলৈ বৃদ্ধি পাইছে। আনহাতে সুস্থ হৈছে ৪৫,৮৭,৬১৩জন লোক। দেশত কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছে ৮১শতাংশ।

চাওঁ আহক দেশত কৰ’নাৰ শেহতীয়া তথ্য

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত কৰ’নাত আক্ৰান্ত হৈছে ৫৬,৪৬,০১০ জন ।কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৯০,০২০ জন ।দেশত মৃত্যুৰ হাৰ ১.৫৯ শতাংশ ৷

কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯.৬৮ লাখ লোক ।কৰ’নাত সুস্থ হৈছে ৮.০২শতাংশ ।

ভাৰতত কৰ’নাৰ টেষ্টিং হাৰ এদিনত ১২ লাখ ।স্বাস্থ্য মন্ত্ৰণালয়ে পুৱা টুইট কৰা অনুসৰি সমগ্ৰ দেশত ৬.৫কোটি লোকৰ কৰ’না ভাইৰাছ পৰীক্ষা কৰা হৈছে।

আনহাতে আগষ্টৰ পৰা ভাৰতত এদিনতে সৰ্বাধিক আক্ৰান্ত হৈছে কৰ’নাত ৷কেৱল ছেপ্টেম্বৰতে এদিনত কৰ’নাত আক্ৰান্ত হয় ৯০.০০০ লোক।

ইপিনে সমগ্ৰ বিশ্বত কৰ’নাত আক্ৰান্ত হয় ৩.১কোটি লোক। বিশ্বৰ ভিতৰত কৰ’নাত আক্ৰান্তৰ দিশত ভাৰতৰ স্থান হৈছে দ্বিতীয় ।

ৰাজধানী দিল্লীত পুনৰ ৪,০০০ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷

কৰ’নাৰ মহামাৰী মাজতে দেশৰ ৰাজ্যসমূহৰ বিদ্যালয়সমূহত নৱম শ্ৰেণীৰ পৰা দ্বাদশলৈ পাঠদান পুনৰ আৰম্ভ কৰা হৈছে যদিও মাত্ৰ কেইখনমান ৰাজ্যইহে বিদ্যালয় পুনৰ আৰম্ভ কৰিছে।

ৰাজ্যসমূহত ভিতৰত আটাইতকৈ কৰ’নাত বেছিকৈ আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত৷ মহাৰাষ্ট্ৰত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১২.৪২লাখলৈ বৃদ্ধি পাইছে। মৃত্যু হৈছে ৩৩,০১৫ জন।

Exit mobile version