হেপী বাৰ্থডে তনুজা

785fb6b8 2099 4166 b5ed 69aeb8be181c

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তনুজাৰ আজি ৭৭ সংখ্যক জন্মদিন। প্ৰথমতে বলীউদৰ চিৰসেউজ অভিনেত্ৰী গৰাকীলৈ জন্মদিনৰ বহুত শুভেচ্ছা ৷ জন্মদিন উপলক্ষে অভিনেত্ৰী তনুজাই অনুৰাগী আৰু পৰিয়ালৰ পৰা লাভ কৰিছে বহু শুভেচ্ছা ।তনুজাৰ জন্মদিনত তেওঁৰ কন্যা তথা বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী কাজলে দিছে এটি আৱেগিক প’ষ্ট। মাতৃক উদ্দেশ্য কৰি দিয়া কাজলৰ এই প’ষ্টটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ।লগতে কাজলে মাতৃৰ লগত শ্বেয়াৰ কৰিছে এখন ফ’টো।

কাজলে মাতৃ তনুজাক উদ্দেশ্য কৰি লিখিছে “যেতিয়া মই আপোনাৰ লগত থাকো মোৰ সমগ্ৰ সেনা বাহিনী থাকে ।এগৰাকী মহিলাৰ সকলো অৱতাৰ দেখুওৱা সেই গৰাকী মহিলালৈ জন্ম দিনৰ বহুত শুভেচ্ছা। যুদ্ধা,পত্নী,মা,ভগ্নী,মহিলা,মানুহ আৰু আত্মা , মা জন্মদিনৰ বহুত শুভেচ্ছা। আপোনালৈ মোৰ বহুত মৰম ৷মই মোৰ হৃদয়ৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছে যে আপুনি মোক কন্যা হিচাপে গ্ৰহণ কৰিছে ৷”কাজলৰ এই প’ষ্টটোক একলাখতকৈ অধিক লোকে লাইক কৰিছে ৷ লগতে কমেন্টো কৰিছে ৷

উল্লেখযোগ্য যে কাজলৰ উপৰিও তনুজাৰ আৰু এগৰাকী কন্যা আছে ৷নাম তনীষা মুখাৰ্জী। তনীষাও মাতৃৰ কাৰণে ছ’চিয়েল মিডিয়াত প’ষ্ট শ্বেয়াৰ কৰিছে। আনহাতে তনুজাই বলীউদৰ বহু জনপ্ৰিয় ছবিত অভিনয় কৰিছিল ৷ইয়াৰ ভিতৰত Haathi Mere Saathi, Bandish, Anokha Rishta, Jewel Thief, Jeene Ki Raah, Suhaagan and Swarg Narak অন্যতম। তনুজাই হিন্দী ছবিৰ উপৰিও গুজৰাটী,মাৰঠী আৰু বেংগলী ছবিতো অভিনয় কৰিছে ৷

Exit mobile version