চন্দ্ৰত মানুহৰ পদাৰ্পণৰ ৫৫ বছৰ পাছত ২০২৪ ত আকৌ এবাৰ পৃথিৱীৰ উপগ্ৰহটোত খোজ পেলাব মহিলা মহাকাশচাৰীগৰাকীয়ে।এজন পুৰুষ সহযোগীৰ স’তে চন্দ্ৰৰ দক্ষিণ মেৰুত উপস্থিত হ’বগৈ এই দুই মহাকাশচাৰী।এই কথা ঘোষণা কৰে ‘নাছা’ ৰ মুখ্য প্ৰশাসক জিম বিৰ্ডেনষ্টাইনে ।দুয়ো মহাকাশচাৰী এইবাৰ সাতদিন থাকিব চন্দ্ৰৰ বুকুত ।
সাতদিনীয়া এই চন্দ্ৰ যাত্ৰাত চন্দ্ৰপৃষ্ঠত লাভ কৰা বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰা হ’ব গৱেষণাৰ বাবে ।আহিবলগীয়া এটা দশকৰ ভিতৰত মঙলৰ বুকুত মানুহৰ পদাৰ্পনৰ পূৰ্বে প্ৰয়োজনীয় গৱেষণা তথা প্ৰস্তুতিৰ লক্ষ্যই এই চন্দ্ৰ যাত্ৰাৰ মূল উদ্দেশ্য।
চন্দ্ৰত দ্বিতীয় পর্দাপনৰ বাবে নাছাই বনোৱা অতিকৈ শক্তিশালী ‘স্পেছ লঞ্চ চিষ্টেম ‘ আৰু মহাকাশযান ‘অ’ৰিয়ন’ৰ নিৰ্মাণকাৰ্য প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে।মহাকাশযানখনত চাৰিটা ‘ইঞ্জিন ‘ থাকিব ।অহা মাহত উক্ত ইঞ্জিনৰ ‘হট ফায়াৰ টেষ্ট ‘ৰ পৰীক্ষা কৰা হ’ব ।
ইয়াৰ পাছতে মহাকাশযানখনৰ ভিতৰৰ অংশ ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেছ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে।উক্ত অংশটো তাতে মূল মহাকাশযানখনৰ স’তে সংলগ্ন কৰা হ’ব ।পৰৱৰ্তী সময়ত এছ এল এছ আৰু অ’ৰিয়নক পৰীক্ষামূলক ভাৱে একেলগে চন্দ্ৰৰ কক্ষপথত প্ৰদক্ষিণৰ বাবে প্ৰেৰণ কৰা হ’ব ।






























