আপেলে দূৰ কৰিব আপোনাৰ বহু ৰোগৰ সমস্যা

Kamu Penggemar Apel Ini Dia Cara Aman Membeli Buah Apel Segar

আপেলে মানুহৰ শৰীৰৰ বহু সমস্যা দূৰ কৰে । এই ফলবিধত প্ৰচুৰ পৰিমাণে ভিটামিন, minerals, fiber থাকে। আপেল সেৱনে হৃদযন্ত্ৰ সবল কৰে লগতে ব্লাড চুগাৰো নিয়ন্ত্ৰণ কৰাত সহায় কৰে । দিনে আপেল সেৱন কৰিলে বহু ৰোগৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি ।

তলত উল্লেখ কৰা হ’ল আপেলৰ কিছু উপকাৰীতা-

ডায়েবেটিচ- ডায়েবেটিচ ৰোগী সকলৰ বাবে আপেল খুবেই উপকাৰী ।আপেলে ব্লাড চুগাৰ লেভেল নিয়ন্ত্ৰণ কৰি ৰাখে । গতিকে ডায়েবেটিচ ৰোগী সকলে দিনে এটাকৈ আপেল সেৱন কৰিব লাগে ।
পাচনতন্ত্ৰ শক্তিশালী কৰে- আপেলে পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে । দৈনিক আপেল সেৱনে পাচন তন্ত্ৰ শক্তিশালী কৰি তোলে ।

হাড় মজবুত কৰে- যদি হাড়ৰ লগত জড়িত সমস্যাত ভুগি আছে তেনেহ’লে দৈনিক আপেল খোৱাটো অভ্যাস কৰক । আপেলত থকা ‘flavonoid antioxidant’  হাড় মজবুত কৰাত সহায় কৰে । বিশেষলৈ মহিলাৰ মেনপ’জৰ পাছত মহিলাৰ হাড় ঠুনুকা হৈ পৰে এই সমস্যা দূৰ হয় ।

ওজন কমোৱাত সহায় কৰে- আপেলে ওজন নিয়ন্ত্ৰণ কৰাটো সহায় কৰে । পুৱাৰ খাদ্যৰ তালিকাত এটাকৈ আপেল অন্তৰ্ভুক্ত কৰক । আপেলত fiber আৰু ভিটামিন পৰ্যাপ্ত পৰিমাণে থাকে যিয়ে ওজন কমোৱাত সহায় কৰে ।

Exit mobile version