তীব্ৰ ভাষাৰে কটাক্ষ কৰি ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণলৈ চিঠি লিখিলে নিলম্বিত সাংসদ কে কে ৰাগেশে

KK Ragesh CPIM Kerala Rajya Sabha

ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিঙৰ বিৰুদ্ধে তীব্ৰ কটাক্ষ কৰি ৰাজ্যসভাৰ সাংসদ কে কে ৰাগেশে এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ ৰাজ্যসভাৰ পৰা নিলম্বিত হোৱা আঠজন বিধায়কৰ ভিতৰত কে কে ৰাগেশ অন্যতম ৷

CPI (M)ৰ সাংসদ কে কে ৰাগেশে নিজৰ পত্ৰত উপসভাপতি হৰিবংশ নাৰায়ণ সিঙক সংসদৰ সম্মুখত প্ৰতিবাদ কৰা সময়ত তেওঁলোকলৈ আগবঢ়োৱা চাহৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ।

আৰু কয় “এনেধৰণৰ নাটকে দেশৰ জনগণক বাৰে বাৰে ঠগিব নোৱাৰি ৷” কে কে ৰাগেশে লগতে হৰিবংশ নাৰায়ণ সিঙক প্ৰশ্ন কৰে “আপুনি প্ৰধানমন্ত্ৰী সুখী কৰিবৰ কাৰণে এনেধৰণৰ পদক্ষেপ লৈছিল নেকি? এইয়া আছিল আচৰিতজনক ৷ কাৰণ আপোনাৰ দৰে এজন ব্যক্তি, যিয়ে সমাজবাদী হোৱাৰ দাবী কৰে ৷ ৰাজনৈতিক স্বাৰ্থক গুৰুত্ব দিবলৈ যাওতে আপুনি প্ৰকৃত ঘটনাক উপেক্ষা কৰিছে ৷”

আনহাতে সংসদত হোৱা ঘটনাক অগণতান্ত্ৰিক বুলি আখ্যা দিছে কে কে ৰাগেশে । উল্লেখযোগ্য যে কৃষি বিধেয়কক লৈ প্ৰতিবাদ কৰা সাংসদসকলক উপসভাপতিয়ে নিজৰ সহকৰ্মী বুলি আখ্যা দিয়ে ৷

কিন্তু ইয়াৰ পাছতে হৰিবংশ নাৰায়ণে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি সংসদত বিৰোধীৰ উত্তপ্ত পৰিস্থিতিত দুখ প্ৰকাশ কৰি এদিনৰ কাৰণে উপবাসে থকাৰ কথা উল্লেখ কৰে ৷ উপসভাপতিয়ে লগতে কয় যে সংসদত সাংসদসকলে তেওঁক অপব্যৱহাৰ কৰিছে।

Exit mobile version