দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰিছে যে ৰাজধানীখনত ক’ভিড-১৯ৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে ৷ কাৰণ দিল্লীত নতুনকৈ ৪০০০ জন কৰ’নাত আক্ৰান্ত হৈছে । আনহাতে ১৬ ছেপ্টেম্বৰত দিল্লীত কৰ’নাত আক্ৰান্তৰ মুঠ সংখ্যা হৈছে প্ৰায় ৪,৫০০ জন ৷
আনহাতে বিগত ২৪ ঘন্টাত ৰাজধানী দিল্লীত কৰ’নাত আক্ৰান্ত হৈছে ৩.৭০০ জন। ইফালে ১৫ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈকে দিল্লীত কৰ’নাত আক্ৰান্ত লোকসকলৰ তালিকা এনেধৰণৰঃ
- ১৫ ছেপ্টেম্বৰত কৰ’নাত আক্ৰান্ত হৈছে ৪,২৬৩ জন আৰু মৃত্যু হৈছে ৩৬ জন ৷
- ১৬ ছেপ্টেম্বৰত ৪,৪৭৩ জন আক্ৰান্ত হৈছে কৰ’নাত ৷ মৃত্যু হৈছে ৩৩জন ৷
- ১৭ ছেপ্তেম্বৰত কৰ’নাত আক্ৰান্ত হৈছে ৪,১২৭জন ৷ আৰু মৃত্যু হৈছে ৩৮জন ৷
- ১৮ ছেপ্টেম্বৰত কৰ’নাত আক্ৰান্ত হৈছে ৪,১২৭ জন ৷ আৰু মৃত্যু হৈছে ৩০ জন ৷
- ১৯ ছেপ্টেম্বৰত কৰ’নাত আক্ৰান্ত হৈছে ৪,০৭১জন ৷ আৰু মৃত্যু হৈছে ৩৮ জন।