পৃথিৱীৰ বহু দেশত এতিয়াও আছে ৰজা-ৰাণী । ইউৰোপৰ বেলজিয়ামো এনে দেশবিলাকৰ ভিতৰত অন্যতম । দেশখনৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰীসকলেও সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰে । এই পৰম্পৰাকে অব্যাহত ৰাখি বেলজিয়ামৰ ৰাজকুমাৰী এলিজাবেথে যোগদান কৰিছে সামৰিক শিবিৰত । চাৰি সপ্তাহ ধৰি চলিব এই প্ৰশিক্ষণ । এই প্ৰশিক্ষণ বৰ্তমান বুটজেলবেকে এলচেনবৰ্ণ বেলজিয়াম সেনা শিবিৰত চলি আছে ।
অষ্টাদশী এলিজাবেথৰ বাহিৰেও সামৰিক শিবিৰত ১৭০ জন অন্যান্যই এই প্ৰশিক্ষণ গ্ৰহণ কৰিছে । এই সামৰিক শিবিৰত এলিজাবেথে বহু সাহসিকতা মূলক কাৰ্যতো অংশগ্ৰহণ কৰিব। শিবিৰত শ্বুটিং, গৰিলাযুদ্ধ, ছদ্মবেশ আদিৰ দৰে বিভিন্ন কৌশলৰ শিক্ষাও প্ৰদান কৰা হ’ব । প্ৰশিক্ষণ কালত সামৰিক বাহিনীৰ গুৰুত্ব, অনুশাসন, পৰস্পৰক শ্ৰদ্ধা, দায়িত্ব আদিৰো পাঠ প্ৰদান কৰা হ’ব ।
বৰ্তমান ৰাজকুমাৰীয়ে ব্ৰাছেলছৰ ৰয়েল মিলিটেৰী একাডেমীত ছ’চিয়েল এণ্ড মিলিটেৰী ছাইন্স বিষয়ত অধ্যয়ন কৰি আছে । সামৰিক শিবিৰত এলিজাবেথৰ প্ৰশিক্ষণৰ দায়িত্বত থকা মেজৰ ইছাবেলে জনোৱা অনুসৰি ৰাজকুমাৰীয়ে তেওঁৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰাটো সন্মান তথা গৌৰৱৰ কথা ।