সোণাই ৰূপাইত ২৪ নং বন শিবিৰৰ বনকৰ্মীৰ পৰা দুস্কৃতিকাৰীয়ে লৈ উধাও হ’ল ৰাইফল

unnamed 1 1

শোণিতপুৰ জিলাৰ মিছামাৰী অঞ্চলৰ সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত ২৪ কিলোমিটাৰ বন শিবিৰৰ পৰা দুটাকৈ থ্ৰী নট থ্ৰী ৰাইফল দুৰ্বৃত্তই লৈ উধাও হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আজি দিন দুপৰতে বন শিবিৰটোত নিৰাপত্তাৰক্ষী বিশ্বজিত ৰয় আৰু প্ৰমোদ নাথ নামৰ বনকৰ্মী দুজনে বন বনশিবিৰটোত থকা সময়তে দুৰ্বৃত্তই দুৱাৰ ভাঙি দুটাকৈ থ্ৰী নট থ্ৰী ৰাইফল কাঢ়ি লৈ যায়।

আনহাতে শিবিৰটোৰ তত্ত্বাৱধায়ক শ্বাহ নাৱাজ হুছেইন অভয়াৰণ্যটোৰ মুখ্য কাৰ্যালয়লৈ বিশেষ কামৰ কাৰণে যোৱাৰ সময়তে দুস্কৃতিকাৰীয়ে শিবিৰটোৰ দৰ্জা ভাঙি ৰাইফল দুটা লৈ যায় বুলি প্ৰকাশ কৰে বিশ্বজিত ৰয় আৰু প্ৰমোদ নাথে ৷ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই মিছামাৰী আৰক্ষী থানাত লিখিতভাৱে জনোৱাৰ পাছত বনকৰ্মী বিশ্বজিত ৰয় আৰু প্ৰমোদ নাথক সোধ-পোছ অব্যাহত ৰাখিছে ।

ইপিনে ঘটনাস্থলীত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতোসহ আৰক্ষী বাহিনী উপস্থিত হয় আৰু ৰাইফল দুটা উদ্ধাৰ কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে ।আৰু আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰকাশ কৰা মতে অতি ক্ষিপ্ৰতাৰে আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি ৰাইফল দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে।

Exit mobile version