জামিন পাবনে ৰিয়াই?মংগলবাৰে হ’ব শুনানি

1596788463 7635

বোম্বে উচ্চ ন্যায়ালয়ে সদৰী কৰা অনুসৰি অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীৰ জামিন আবেদন সন্দৰ্ভত মংগলবাৰে শুনানি হ’ব ৷ৰিয়াক সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ লগত জড়িত মাদকদ্ৰব্যৰ সন্দৰ্ভত ৯ ছেপ্টেম্বৰত NCBয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত সোধ-পোছ অব্যাহত আছে । আৰু শেহতীয়া তথ্য অনুসৰি ৰিয়া ৬ অক্টোবৰলৈকে ন্যায়িক জিম্মাত থাকিব৷

ইপিনে মাদকদ্ৰব্য সৰবৰাহৰ সন্দৰ্ভত NCBয়ে গ্ৰেপ্তাৰ কৰা ৰিয়াৰ জামিন আবেদনৰ শুনানি বুধবাৰে হোৱাৰ কথা আছিল যদিও মুম্বাইত হোৱা প্ৰচণ্ড বৰষুণৰ কাৰণে শুনানি স্থগিত ৰাখে বোম্ব উচ্চ ন্যায়ালয়ে।

আনহাতে ৰিয়া বিগত দুসপ্তাহৰ পৰা মুম্বাইৰ ভায়খলা কাৰাগাৰত আছে৷ৰিয়াই জামিন আবেদনত NCBৰ বিৰুদ্ধে অভিযোগ কৰিছে৷ৰিয়াৰ মন্তব্য যে আন্তৰাষ্ট্ৰীয় বিষয়ৰ তদন্ত কৰা তিনিটা এজেন্সীয়ে ৰিয়াৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো প্ৰমাণ লাভ কৰা নাই।

ইপিনে ৰিয়াৰ বিৰুদ্ধে NCB ৰ অভিযোগ ” ৰিয়া মাদকদ্ৰব্যৰ লগত জড়িত এগৰাকী সক্ৰিয় সদস্য ।”

উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতে ১৪ জুনত মুম্বাইস্থিত বাসগৃহত আত্মহত্যা কৰে ৷এক বিশেষ সূত্ৰৰ মতে ৰিয়াই সুশান্তৰ কাৰণে মাদকদ্ৰব্যৰ যোগান ধৰিছিল।লগতে মাদকদ্ৰব্যৰ সন্দৰ্ভত যেতিয়া ৰিয়া আৰু ভাতৃ সৌভিকক সোধ-পোছ কৰিছিল তেতিয়া ৰিয়াই কান্দিবলৈ ধৰিছিল।

Exit mobile version