অষ্ট্ৰেলিয়াৰ উপকূলত বালিত আবদ্ধ হৈ মৃত্যু হ’ল ৩৮০ টা তিমিৰ

Screenshot 149

অষ্ট্ৰেলিয়াৰ দক্ষিণৰ তাছমানিয়াৰ পশ্চিম উপকূলত ৩৮০ টাকৈ বিশাল আকাৰৰ তিমিৰ মৃত্যু হৈছে । মেকুৱাৰ হাৰবাৰ অঞ্চলত বালিত আবদ্ধ হৈ পৰিছিল ৪৬০ টা তিমিৰ এটা দল । সমুদ্ৰ উপকূলৰ পৰা কিছু আঁতৰত এটি বালিচৰত দীঘলীয়া ফিচা পাখি থকা ‘পাইলট’ তিমিৰ দলটো হঠাতে আবদ্ধ হৈ পৰে ।

এই প্ৰজাতিৰ তিমিৰ দলে এজন পথ নিৰ্দেশকৰ ওপৰত নিৰ্ভৰ কৰি আগবাঢ়ি যায় । সন্মুখৰ তিমিটোক দলৰ বাকীসকলে অনুসৰণ কৰে । বালিত আবদ্ধ হৈ পৰাৰ পাছৰে পৰা দলটোক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰা হয় ।ইতিমধ্যে ৫০ টা তিমিক উদ্ধাৰ কৰা হৈছে । দলটোৰ ৩০টা তিমিয়ে নিজকে বচাই ৰাখিবলৈ সক্ষম হৈছে ।

প্ৰায় ১০ কিলোমিটাৰ বিশাল অঞ্চল এটাত তিমিৰ মৃতদেহ বিলাক সিচঁৰিত হৈ পৰে । বিশেষ নাৱৰ দ্বাৰা জীৱিত তিমিবিলাকক সাগৰলৈ উভতাই পঠোৱাৰ চেষ্টা কৰি থকা হৈছে ।

বিশেষজ্ঞসকলে জনোৱা অনুসৰি, এবাৰ বালিত আবদ্ধ হৈ পৰা তিমিক সাগৰলৈ উভতাই পঠালেও কিছু সময় পাছত তেনে তিমিবিলাক পুনৰ বালিত আবদ্ধ হৈ পৰে । ঘটনাটোক লৈ ম্ৰিয়মান হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Exit mobile version