মাইকযোগে আজান দিয়াৰ অধিকাৰ লাভ জাৰ্মানীৰ দিতিব জনগোষ্ঠীৰ মুছলিমৰ

Screenshot 148

জাৰ্মানীৰ ইছলামধৰ্মীসকলৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পৰিল । পাঁচ বছৰজোৰা এক যুঁজৰ অন্তত মাইকযোগে আজান দিয়াৰ অধিকাৰ ওভতাই পাইছে দেশখনৰ মুছলমান সকলে । জাৰ্মানীৰ উত্তৰ ৰাইন-ৱেষ্টফালিয়া প্ৰদেশৰ ৱেৰ-এৰকেন্সউইকক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনা ।

প্ৰশাসনৰ স’তে চলা আইনী যুঁজৰ পাছত আজান দিয়াৰ অধিকাৰ ওভতাই পাই এতিয়া আনন্দৰ সীমা নোহোৱা হৈছে স্থানীয় তুৰ্কীজ ইছলামিক সম্প্ৰদায়ৰ ‘দিতিব’ জনগোষ্ঠীৰ লোকসকলৰ মাজত ।

উল্লেখ্য যে ২০১৫ ত দিতিব জনগোষ্ঠীৰ লোকসকলে স্থানীয় এক মছজিদত মাইকযোগে আজান দিয়াক লৈ বিবাদৰ সূত্ৰপাত হয় । এনেদৰে উচ্চস্বৰত আজান দিয়াৰ ফলত আন ধৰ্মৰ লোকসকলৰ স্বাধীনতা হৰণৰ অভিযোগ উঠে । এই সন্দৰ্ভত ৱেৰ-এৰকেন্সউইক চহৰৰ প্ৰশাসনৰ ওচৰত স্থানীয় আন ধৰ্মৰ লোকসকলে অভিযোগ দাখিল কৰে ।

ইয়াৰ পিছত প্ৰশাসনে ১৫ মিনিটৰ বাবে মছজিদৰ মাইক ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে; কিন্তু প্ৰশাসনৰ এই অনুমোদনক প্ৰত্যাহ্বান জনাই এক দম্পতীয়ে নতুনকৈ গোচৰ পঞ্জীয়ন কৰে । দম্পতীৰ অভিযোগ অনুসৰি, মাইকযোগে আজান দিয়াৰ ফলত তেওঁলোকৰ ধৰ্মীয় স্বাধীনতা ক্ষুণ্ণ হৈছে।এই গোচৰৰ ভিত্তিতে মছজিদত মাইকযোগে আজান দিয়াত প্ৰশাসনৰ পৰা বাধাদান কৰা হয় ।

কালি এই গোচৰৰ শুনানি কালত দম্পতীৰ অভিযোগ খাৰিজ কৰা হয় আৰু দিতিব জনগোষ্ঠীৰ লোকসকলক মাইকযোগে আজান দিয়াৰ অনুমতি প্ৰদান কৰা হয় । বিষয়টোৰ সন্দৰ্ভত কোৱা হয় যে প্ৰত্যেক ধৰ্মৰ সকলো লোককে আন ধৰ্মৰ সকলো লোককে আন ধৰ্মৰ লোকসকলে নিজ ধৰ্মৰ বিধি পালন কৰাটো মানি ল’ব লাগিব । এই নতুন নিৰ্দেশৰ পাছতে মাইকযোগে আজান দিব পৰাটো দেশখনত নিশ্চিত হয় ।

Exit mobile version