ৰাফেল নির্মাতাই চুক্তিৰ চৰ্ত পূৰণ কৰা নাই : কেগৰ প্ৰতিবেদনৰ তথ্য

cindiafoto29rafale10

বহুচর্চিত ৰাফেল যুজাৰু বিমান ক্রয়ৰ সম্পৰ্কত এইবাৰ কেন্দ্ৰীয় চৰকাৰ দেশৰ মহাগাণনিক (কেগ)ৰ প্ৰশ্নৰ সন্মুখীন হৈছে। ফৰাচী কোম্পানী ডাছাউ এভিয়েচনৰ স’তে নৰেন্দ্ৰ মােদী চৰকাৰৰ ‘অফছেট চুক্তি’ অর্থাৎ দেশীয় প্রতিষ্ঠানক প্রযুক্তি হস্তান্তৰ কৰি যন্ত্রাংশ নির্মাণ সংক্রান্ত প্রক্রিয়া এতিয়াও সম্পন্ন নােহােৱাক লৈ কেগে প্রশ্ন উত্থাপন কৰিছে । সংসদৰ বর্ষাকালীন অধিবেশনৰ অন্তিম দিনা এই প্রতিবেদন দাখিল কৰা হয়। ফলত বিতর্ক অৱকাশ নাই । অফছেট সম্পর্কীয় প্রতিক্ষা মন্ত্রণালয়ৰ নীতিক কেগে চোকা সমালােচনা কৰিছে ।

ফৰাচী প্রতিষ্ঠানে অফছেট সন্দৰ্ভত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’) ই প্রয়ােজনীয় কৰণীয় এতিয়াও সম্পূর্ণ কৰা নাই বুলি প্রতিবেদনত কোৱা হৈছে। অফছেট নীতি অনুসৰি বিদেশী প্রতিষ্ঠানৰ পৰা চুক্তিমূল্যৰ এক নির্দিষ্ট শতাংশ ভাৰতলৈ প্রত্যক্ষ বিদেশী বিনিয়ােগ (এফ ডি আই)ৰ ৰূপত আহিব লাগে য’ত অন্তর্ভুক্ত হয় প্রযুক্তি হস্তান্তৰ, স্থানীয় উৎপাদন আৰু নিয়ােজন সৃষ্টি ।

কেগৰ প্রতিবেদন অনুসৰি ৩৬খন ৰাফেল জেট ক্রয়ৰ সন্দৰ্ভত ডাচাউ এভিয়েচন আৰু এম বি ডি এ-ই আৰম্ভণিৰে ২০১৫ৰ ছেপ্টেম্বৰত প্ৰস্তাৱ দিছিল যে ডি আৰ ডি অলৈ উচ্চ প্রযুক্তি প্রদানৰ জৰিয়তে তেওঁলােকৰ অফছেট দায়বদ্ধতাৰ ৩০ শতাংশ মুকলি কৰি দিব। ডি আৰ ডি এ-ই ‘লাইট কমবেট এয়াৰক্রাফট’ৰ বাবে ইঞ্জিন (কাবেৰী)ৰ থলুৱাভাৱে উন্নয়ন সাধনার্থে কাৰিকৰী সহায় বিচাৰিছিল ।  আজিলৈ ব্যৱসায়ী প্রতিষ্ঠানটোৱে ডি আৰ ডি অলৈ এই প্রযুক্তি হস্তান্তৰ নিশ্চিত নকৰিলে বুলি কেগে কয় ।

দেশৰ মহাগাণনিকৰ স’তে অফছেট নীতিয়ে এতিয়াও সেয়ে আকংক্ষিত ফলাফল লাভ কৰা নাই । প্রতিবেদনত উল্লেখ, ‘প্রতিক্ষা মন্ত্রণালয়ে নীতি আৰু ইয়াৰ ৰূপায়ণ পুনৰীক্ষণ কৰিব লাগে। অফছেটৰ পূর্ণ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয় উদ্যাগৰ সন্মুখীন হােৱা বাধা আৰু বিদেশী যােগনিয়াৰ সন্মুখীন হােৱা বাধা চিনাক্তকৰণ কৰিব লাগে প্ৰতিৰক্ষা মন্ত্রণালয়ে। তদুপৰি এই বাধা অতিক্রমৰ সমাধান বিচাৰিব লাগে মন্ত্রণালয়ে।’

ডাছাউ এভিয়েচনে কয় যে তেওঁলােকে যথাক্রমে অফছেট দায়ৱদ্ধতা পালন কৰিব। কৰ’না সংকটৰ বাবে এই কাম লেহেম হৈছে। ভাৰতে ফ্ৰান্সৰ স’তে ৩৬খন ৰাফেল জেটৰ বাবদ ৫৮ হেজাৰ কোটিত চুক্তিবদ্ধ হৈছে । বর্তমান ভাৰতে ইয়াৰ পাঁচখন লাভ কৰিছে । তিনি দশকৰ পূর্বে ডি আৰ অই প্রকল্পৰ আৰম্ভণিৰে পৰা পাতল ওজনৰ যুঁজাৰু বিমানৰ বাবে কাম কৰি আছিল । থলুৱাভাৱে নির্মিত কাবেৰী ইঞ্জিন নির্মাণ কৰা হৈছিল সৰু দেউকাযুক্ত যুঁজাৰু বিমানৰ বাবে; কিন্তু ভবা মতে ইঞ্জিনটো ফলদায়ক নােহােৱাত পৰৱর্তী পর্যায়ত কাবেৰী প্রকল্প বন্ধ কৰা হয় আৰু ভাৰতে আমেৰিকাত নির্মিত ইঞ্জিন ক্রয় কৰে ।

২০১৫ৰ ছেপ্টেম্বৰত প্রায় ৫৮ হেজাৰ কোটি টকাৰ বিনিময়ত ৩৬খন ৰাফেল যুদ্ধবিমান আৰু যুদ্ধাস্ত্র ক্রয়ৰ বাবে ডাচাউ এডিয়েচন আৰু ইউৰােপীয় ক্ষেপণাস্ত্র নির্মাতা এম বি ডি এৰ স’তে কেন্দ্র চুক্তিৱদ্ধ হয়। এই সময়ত প্রাথমিক প্রস্তাৱ আছিল যে চুক্তিৰ ৩০ শতাংশ পুৰণৰ বাবে ডি আৰ ডি এছ উন্নত মানৰ প্ৰযুক্তি হস্তান্তৰ কৰিব ফৰাচী প্রতিষ্ঠানে । কাবেৰী ইঞ্জিন উন্নয়নৰ বাবে ভাৰতক ফৰাচী প্রতিষ্ঠানে প্রযুক্তি হস্তান্তৰ কৰাৰ কথা যাতে ভাৰতে আমেৰিকান ইঞ্জিন পৰিত্যাগ কৰিব পাৰে।

বহু ক্ষেত্ৰতে বিদেশী প্রতিষ্ঠানে চুক্তি স্বাক্ষৰৰ সময়ত দেশীয় সংস্থাৰ উন্নয়নত সহায় কৰিব বুলি প্রতিশ্রুতি দিলেও সেই দায়ৱদ্ধতা পালন নকৰে বুলি কেগৰ অভিযােগ। ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই চুক্তিৰ সমালােচনাত মুখৰ হৈছিল । সম্প্রতি কেগৰ প্রতিবেদনে পুনৰ ৰাজনৈতিক ধুমুহাৰ সৃষ্টিৰ সম্ভাৱনা আছে।

Exit mobile version